ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কাঠুৱাৰ ৮ বছৰীয়া আচিফা নামৰ কন্যা শিশুক গণ ধৰ্ষণ-হত্যাৰ গোচৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে জম্মু কাশ্মীৰ চৰকাৰক এক নিৰ্দেশ জাৰি কৰি মত জানিব বিচাৰে৷ এই নিৰ্দেশত গোচৰ ৰাজ্যৰ বাহিৰত চলোৱাৰ সন্দৰ্ভত চৰকাৰৰ মত জানিব বিচৰাৰ লগতে নিৰ্যাতিতা পৰিয়াল আৰু নিৰ্যাতিতা পৰিয়ালৰ হৈ ওকালতি কৰা অধিবক্তাক পৰ্যাপ্ত সুৰক্ষা দিয়াৰ কথা উল্লেখ কৰে দেশৰ শীৰ্ষ আদালতে৷ 

গণ ধৰ্ষণ কাণ্ডত মৃত্যুক আকোৱালি লোৱা কন্যাৰ পিতৃয়ে সোমাবাৰে শীৰ্ষ আদালতত আৱেদন দাখিল কৰি গোচৰ ৰাজ্যৰ বাহিৰত নিয়াৰ বাবে আৱেদন কৰে৷ পিতৃয়ে আৱেদনত গোচৰ কাঠুৱাৰ পৰা চণ্ডিগড়লৈ নিয়াৰ লগতে তেওঁলোকৰ অধিবক্তা দীপিকা ৰাজাৱত, তালিব হুছেইনৰ নিৰাপত্তাৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ কথা দোহাৰে৷ কিশোৰ অপৰাধী ৰখা ঠাইৰ সুৰক্ষা বৃদ্ধি কৰা আৰু কোনো লোকক সক্ষাতৰ অনুমতি প্ৰদান নকৰা, তদন্ত আদালতৰ হস্তক্ষেপত কৰাৰ আৱেদন জনায়৷ 

সোমবাৰে গোচৰৰ শুনানি কালত নিৰ্যাতিতা পৰিয়ালটোৰ অধিবক্তা ইন্দ্ৰাণী জয়সিঙে আদালতক কয় ‘‘এই গোচৰৰ নিৰপেক্ষ তদন্তৰ পৰিৱেশ বৰ্তমান জম্মু-কাশ্মীৰত নাই৷  জম্মু কাশ্মীৰত মেৰুকৰণে চৰম সীমা পাইছে৷’’ আনহাতে আদালতত আৰক্ষীক প্ৰশংসা কৰে অধিবক্তা ইন্দ্ৰাণী জয়সিঙে৷ অধিবক্তাগৰাকীয়ে কয় ‘‘আৰক্ষীয়ে ভাল কাম কৰিছে৷ তথ্যৰ ভিত্তিতে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ বিজ্ঞানসন্মত তদন্ত কৰিছে আৰক্ষীয়ে৷’’ এই গোচৰৰ অধিবক্তা ইন্দ্ৰাণী জয়সিঙে এই গোচৰৰ অধিবক্তাক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ধৰ্ষণৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ জীৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খানবিলকাৰ, ডি ৱাই চন্দ্ৰচূড়ৰ আদালতে জ্যেষ্ঠ অধিবক্তা ইন্দ্ৰাণী জয়সিঙৰ আৱেদনৰ শুনানি গ্ৰহণ কৰে৷ এই আৱেদনৰ 
গুৰুত্ব বুজি আজিয়েই শুনানিৰ আহ্বান জনাইছিল অধিবক্তাগৰাকীয়ে৷ আদালতে কয় ‘‘আমি পূৰ্বে এই আদেশ প্ৰদান কৰিছো৷’’ অধিবক্তাই কয় পূৰ্বে বাৰ এছোচিয়েছনক আৱেদন জনাইছিলো কিয়নো এই আৱেদন স্থানীয় অধিবক্তাক ভাবুকিৰ দিয়াৰ সৈতে জৰিত৷ 

আনহাতে জম্মু কাশ্মীৰৰ অধিবক্তাৰ বিৰুদ্ধে দিল্লী উচ্চতম ন্যায়ালয়ৰ সন্মুখত অধিবক্তাই প্ৰতিবাদ সাব্যস্ত কৰে৷ জম্মু কাশ্মীৰৰ যিসকল অধিবক্তাই গণ ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ সপক্ষে ৰেলী উলিয়াইছিল সকলোকে বৰ্খাস্ত কৰাৰ দাবী জনায়৷ অধিবক্তাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে৷