কাজিৰঙাঃ বিৰোধী কংগ্ৰেছ আৰু শাসকীয় বিজেপিয়ে কলা দিৱস পালন কৰি থকাৰ সময়তে ৰাজ্যত ৭ দিনৰ ভিতৰত চতুৰ্থটো গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ লগতে GST পৰিষদৰ বৈঠকত চৰকাৰ তথা প্ৰশাসন ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যৰ জীৱ-জন্তুৰ সুৰক্ষা নোহোৱা হৈছে৷ যোৱা বিধানসভা নিৰ্বাচনত বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে শাসনৰ গাডীত বহিছিল যদিও সময়তে যেন সেই প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷

তাৰ মাজতে কাজিৰঙাত পুনৰ গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হয়৷ কহঁৰা বনাঞ্চলৰ বকপৰা বন শিৱিৰ এলেকাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা৷ এই গঁড় হক্যাৰ পিছত চলিত সপ্তাহত চাৰিটা গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ ইমানৰ পিছতো মুখ মেলি চাই থাকিল বন বিভাগে৷ ১২৫ ঘন্টাৰ ভিতৰত ৰাজ্যত চতুৰ্থটো গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাইজে কবলৈ বাধ্য হৈছে অসম গৌৰৱ সুৰক্ষাত ব্যৰ্থ হৈছে প্ৰমিলা ৰাণী ব্ৰহ্মৰ বনবিভাগ৷

বৰ বৰ কথা কলেও কামত যেন বিফল এই খন চৰকাৰ৷ অসমীয়াৰ মান-অভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত যেন বাৰে বাৰে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ, বন বিভাগ। ১২৫ ঘণ্টাৰ ভিতৰত কাজিৰঙাত চোৰাংচিকাৰীৰ গুলীত চাৰিটাকৈ গঁড়ৰ মৃত্যু হোৱাত এই প্ৰশ্ন এতিয়া চৌদিশে৷ যোৱা শনিবাৰে নিশা প্ৰায় ১১ বজাত চোৰাং চিকাৰীয়ে পোৱালি সহ এজনী মাইকী গঁড়ক গুলীয়াই হত্যা কৰি খৰ্গ লৈ উধাও হৈছিল৷ যোৱা বৃহস্পতিবাৰে নিশাও একেস্থানতে চোৰং চিকাৰীয়ে এটা প্ৰাপ্তবয়ষ্ক গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ৷ উক্ত স্থানতো উদ্ধাৰ হৈছিল একে-৪৭ৰ ২৯ ৰাউণ্ড কাৰ্টিজ।

তাৰ পিছতে বুধবাৰে নিশা কাজিৰঙা উদ্যান কৰ্তৃপক্ষ তথা বনবিভাগৰ সুৰক্ষাক বুঢ়া আঙুলি দেখুৱাই চোৰাং চিকাৰীৰ দলে পুনৰ গঁড় নিধন কৰে৷ চোৰাং চিকাৰীৰ দলে কাজিৰঙাৰ ব্ৰহ্মপুত্ৰ নদীৰে আহি গঁড়টোক হত্যা কৰি খৰ্গ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হয়৷ একে দিশেৰে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। চোৰাং চিকাৰীৰ দলে গঁড় নিধনত একে-৪৭ ৰাইফল ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে৷ ইয়াৰ পূৰ্বৰ গঁড় হত্যাৰ ঘটনা তথা ঘটনাস্থলিত একে-৪৭ বন্দুকৰ খালি কাৰ্টিজ উদ্ধাৰ হৈছিল।