
কাজিৰঙাঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বোকাখাতৰপৰাই কঁকালত টঙালি বান্ধিলে অসম গণ পৰিষদে। সোমবাৰে পুৱাই বোকাখাত মহকুমাৰ ৰঙাগড়াত অনুষ্ঠিত হয় অগপৰ এক বিশাল মহিলা সমাৰোহ৷ বোকাখাতৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰৰপৰা অহা সহস্ৰাধিক মহিলাৰ লগতে পুৰুষেও এই মহিলা সমাৰোহত অংশ গ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়৷ এই মহিলা সমাৰোহত ৰাজ্যৰ আটাইকেইখন জিলাৰ অগপৰ মহিলা সংগঠন উপস্থিত থাকে৷ এই মহিলা সমাৰোহত উপস্থিত থাকি অগপৰ কেন্দ্ৰীয় সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দল সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ লগতে নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ বাবে সকলো পৰ্যায়ৰ কৰ্মীকে কঁকালত টঙালি বান্ধি সাজু হ’বৰ বাবেও আহ্বান জনায়৷