আছুক কৰা অপমানৰ বাবে সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ ক্ষমা খোজক- অখিল গগৈ

কাজিৰঙাঃ আছুক কৰা অপমানৰ বাবে সৰ্বানন্দ সোণোৱালক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আহ্বান জনায় অখিল গগৈয়ে। যোৱা মঙলবাৰে বিয়লি কাজিৰঙাত উপস্থিত হৈ কৃষক নেতা গগৈয়ে এই আহ্বান কৰে। তেখেতে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত যিধৰণে আক্ৰমণ চলিছে, আছুৰ পতাকা গচকি মোহাৰি পেলোৱা হৈছে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। চৰকাৰী পক্ষৰ এই নিৰ্লজ্জ ঘটনাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিন্দা কৰাৰ লগতে আছুৰ স'তে সমগ্ৰ অসমবাসীক থাকিবলৈ আহ্বান জনায় অখিল গগৈয়ে। তেখেতে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যি পূৰ্বতে আছুৰ সভাপতি আছিল তেওঁৰ কাৰ্যকালতে আছুক বাৰে বাৰে অপমান কৰি থকা হৈছে।
আনকি, থানাৰ ভিতৰত সোমাই বিজেপি-আৰ আৰ এছৰ গুণ্ডা বাহিনীয়ে প্ৰতিবাদী আছু নেতা-কৰ্মীক মাৰপিট কৰিছে। আছুক কৰা এই অপমানৰ বাবে সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ ক্ষমা খোজাটো উচিত বুলি কয় অখিল গগৈয়ে। বি জে পি-আৰ আৰ এছক সকীয়াই কৃষক নেতা গগৈয়ে স্পষ্ট ঘোষণা কৰে যে ভৱিষ্যত সময়ত যদি কোনো জাতীয় সংগঠন অথবা দেশপ্ৰেমী কৰ্মীক আক্ৰমণ কৰা হয় তেন্তে কথা ভয়াৱহ হ'ব।
ইপিনে, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত উত্থাপন হোৱাৰ আগদিনাৰে পৰা সমগ্ৰ অসম অচল কৰাৰ হুংকাৰ দিয়ে কৃষক নেতা অখিল গগৈয়ে। গগৈয়ে কয় যে ইতিমধ্যে জাতিধ্বংসী বিধেয়কখন লোকসভাত পাছ কৰিছে বিজেপি চৰকাৰে। অহা ৪ অথবা ৫ ফেব্ৰুৱাৰীত ৰাজ্যসভাত পুনৰ এইখন বিধেয়ক গেৰুৱা বাহিনীয়ে উত্থাপন কৰি পাছ কৰাৰ চেষ্টা কৰিব। কিন্তু, ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ আগদিনাৰে পৰা সমগ্ৰ অসমৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজপথ, ৰে’লপথ বন্ধ কৰি সামগ্ৰিকভাৱে ৰাজ্যখন অচল কৰি তোলা হ'ব। ইয়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০ জাতীয় সংগঠনৰ কৰ্মকৰ্তাই অচিৰেই বিধেয়ক বাতিলৰ হেতু ৰাজ্যৰ প্ৰতিটো চুবুৰীয়ে চুবুৰীয়ে, ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ চলাই জনমত গঠন কৰিব।
ৰাইজৰ ঐক্যবদ্ধ ৰূপে অসম আৰু অসমীয়াক সুৰক্ষিত কৰিব পাৰিব বুলিও কৃষক নেতা গগৈয়ে মত ব্যক্ত কৰে। তেখেতে কয় যে এই বিধেয়ক আইনত পৰিণত হ'লে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ১ কোটি ৯০ লাখ অনুপ্ৰৱেশকাৰী ভাৰতত সংস্থাপিত কৰাটো একপ্ৰকাৰ খাটাং হ'ব। এই বিধেয়কৰ ফলত অসমৰ জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পৰিব। আনকি, অসমৰ ভাষা-সাহিত্য-সংস্কৃতি-সমাজ জীৱন বিপন্ন হৈ পৰিব। বিপন্ন হৈ পৰিব অসমীয়া ভাষীৰ লগতে অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰা সকলোবোৰ জাতি-জনগোষ্ঠীৰ আইৰ মুখৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু নিজকে বিকশিত কৰাৰ সপোন। কিন্তু, কেৱল ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থতেই বিজেপি চৰকাৰে এই জাতিদ্ৰোহী কৰ্মত লিপ্ত হৈছে বুলিও কয় তেখেতে। ইফালে, আজি মুখ্যমন্ত্ৰীৰ সভালৈ মাকৰ কোলাত উঠি যোৱা এটি কণমাণিয়ে ক'লা কাপোৰ পিন্ধাৰ বাবেই সভাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে কণমানিটোৰ চোলা খুলিবলৈ বাধ্য কৰোৱাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অখিলে গগৈয়ে। তেখেতে কয় কাপোৰ খুলি দিয়াটোৱে শিশুৰ অধিকাৰ খৰ্ব কৰিছে। এই অমানবীয় ঘটনাৰ বাবে অসমৰ মানৱ অধিকাৰ আয়োগে ছ্য-ম'ট' গোচৰ ৰুজু কৰিব লাগে।
আনহাতে, এই নিৰ্দেশ দিয়া প্ৰশাসনৰ মুৰব্বীক অচিৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ বাবেও দাবী জনায় আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষক। সমান্তৰালকৈ যিগৰাকী ৰাজনৈতিক নেতাৰ নিৰ্দেশত এই কাণ্ড কৰা হ'ল তেওঁকো অচিৰেই গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি, জাতিদ্ৰোহী বিধেয়ক সমৰ্থন কৰাৰ বাবে এতিয়া সমগ্ৰ অসমৰ ৰাইজে কেৱল সৰ্বানন্দ সোণোৱালকেই নহয় নৰেন্দ্ৰ মোডীকো ক'লা পতাকা প্ৰদৰ্শন কৰিব বুলিও হুংকাৰ দিয়ে অখিলে। ক'লা পতাকাৰ ভয়ত পলাই ফুৰা পলৰীয়া সৰ্বানন্দ সোণোৱালৰ জীয়াই থকাৰ অধিকাৰ নাই বুলিও কয় অখিল গগৈয়ে। ইফালে, একাংশ বছা বছা বুদ্ধিজীৱী-সাংবাদিকে জ্যোতি চিত্ৰবনত মুখ্যমন্ত্ৰীৰে আলোচনা কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে সমাজত বিশেষ স্থান নথকা এই বুদ্ধিজীৱী-সাংবাদিকক দেশদ্ৰোহী আখ্যা দিয়ে অখিল গগৈয়ে।