
newsnextone.com | কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক নিৰ্দেশ যোগে ২১ মে’ৰ পৰা পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰাৰ কথা ঘোষণা কৰে সোমবাৰে৷
ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰাৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে যোৱা ১ মে’ৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ কৰা হৈছিল। সাধাৰণতে প্ৰতি বছৰ বাৰিষাৰ বৰষুণৰ মাত্ৰা আৰু ধুমুহাৰ তাণ্ডৱ আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ পৰ্যটকৰ বাবে বন্ধ কৰা হয় কাজিৰঙা উদ্যান৷
উদ্যান কৰ্তৃপক্ষই বন্ধ কৰিলে বাহিৰৰ পৰা হলেও চাবলৈ উদ্যানলৈ নিতৌ পৰ্যটকৰ সমাগম ঘটে৷ চলিত পৰ্যটন বৰ্ষৰ ৩০ এপ্ৰিললৈকে কাজিৰঙালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৮,৩,৫২৮ জন পৰ্যটক আহিছে বুলি তথ্যত প্ৰকাশ৷
ইয়াৰে ১,৭৫,০৬১ জন দেশীয় আৰু ৮,৪৬১ জন বিদেশী পৰ্যটক আছিল৷ ৰাষ্ট্ৰীয় উদ্যান খনে লাভ কৰিছিল ৫,৪৮,৭৭,৩০৫ টকাৰ ৰাজহ৷ ইয়াৰ বিপৰীতে ২০১৬-১৭ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১৬,৭,০৫২ জন পৰ্যটক আহিছিল আৰু ৪,৯৩,১৫,১০৪ টকাৰ ৰাজহ লাভ কৰিছিল৷
যোৱা বৰ্ষৰ তুলনাত ২০১৭-১৮ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ১৬,৪৭৬ জন পৰ্যটক বৃদ্ধি হোৱাৰ লগতে ৫,৫৬,২,২০১ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে৷