
newsnextoneকাজিৰঙাঃ ২অক্টোবৰৰ পৰা কাজিৰঙা বিভিন্ন স্থানত উদযাপন কৰি অহা ৬৪ সংখ্যক বন্য প্ৰাণী সপ্তাহৰ তৃতীয় দিনটো কাজিৰঙাৰ কঁহৰাৰ মিহিমুখত হস্তী দিৱস হিচাবে উদযাপন কৰা হয়৷ এই উপলক্ষে মিহিমুখত বেচৰকাৰী প্ৰকৃতি প্ৰেমী সংস্থা কৰ্বেট ফাউণ্ডেচনৰ সহযোগত বনবিভাগে আয়োজন কৰে এই ব্যতিক্ৰমী অনুষ্ঠানৰ ৷
ছাত্ৰ ছাত্ৰীৰ মাজত ‘‘হাতীক জানো আঁহা’’ শীৰ্ষক অনুষ্ঠানৰ মাধ্যমেৰে হাতীৰ স্বভাৱ, অংগ-প্ৰত্যঙ্গ, হাতীৰ শৰীৰৰ বিভিন্ন অংগৰ যোগেদি হাতীৰ চিনাক্ত কৰণৰ পদ্ধতি আদিৰ বিষয়ত ছাত্ৰ ছাত্ৰীৰ সন্মুখত বিৱৰণ ডাঙি ধৰে হস্তী বিশেষজ্ঞই৷ অনুষ্ঠানতোত সমল ব্যক্তি হিচাবে অংশ লয় বন বিভাগৰ পশু চিকিৎসক আৰু গৱেষনা বিষয়া দেৱব্ৰত ফুকন আৰু ৰবীন শৰ্মাই৷ অনুস্থানৰ শুভৰাম্ভ কৰে পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণী) ৰোহিনী বল্লভ শইকীয়াই৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কৰ্বেট ফাউণ্ডেচনৰ বিষয়া ড.নবীন পাণ্ডে আৰু অনুষ্ঠানটোৰ আঁত ধৰে দিব্যজ্যোতি শইকীয়াই ৷