কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত  আজিৰ পৰা তিনি দিনীয়া বিভিন্ন  কাৰ্য্যসূচীৰে কাজিৰঙাৰ  কহঁৰাস্থিত বৰগছ পৰ্যটন নিবাসত " স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮ " শীৰ্ষক ৰাষ্ট্ৰীয়  সন্মিলন আৰম্ভ  হয়। 

আজি এই সন্মিলন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন  কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ দেশৰ লগতে অসমতো স্বাস্থ্য সেৱাত দ্ৰুত গতিত উন্নয়ণ আৰম্ভ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধান মন্ত্ৰীৰ শুভ দৃষ্টি পৰাত নতুন নতুন আচঁনিৰে জনসাধাৰণৰ উন্নয়ণ সম্ভৱ হৈ উঠিছে । অসমত বিভিন্ন দিশত  উন্নয়ণৰ পথ দেখি নব্য প্ৰজন্মৰ মনত এক জাগৰণ সৃষ্টি হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । অন্যহাতে বিশ্বৰ একমাত্ৰ এটা খড়্গ থকা গড়ঁৰ বসতি স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ বিষয়ে সম্পৰ্কীয় লোকৰ মাজত প্ৰচাৰ কৰিবলৈ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি সকলক আহ্বান জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 

বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী  অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা,ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী অশ্চিনী কুমাৰ চৌবে আদিৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই সন্মিলনত উপস্থিত থাকি কয় যে আমি এই ক্ষেত্ৰত সদায়ে সজাগ থাকি অতি সাৱধানে কাম কৰিব লাগিব। আমি এনে ধৰণে কাম কৰিব লাগিব যাতে বিশ্বৰ আন দেশে আমাক অনুকৰণ কৰে। 

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সন্মিলনত অংশ গ্ৰহণ কৰা প্ৰতিনিধিক উদ্দেশ্যি  কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় আপোনালোকে গাঁও অঞ্চলৰপৰা নিম্ন পৰ্যায়ৰ কৰ্মীৰ পৰা তথ্য সংগ্ৰহ কৰিলেহে প্ৰকৃত তথ্য লাভ কৰিব পাৰিব। আশা কৰ্মীৰ পৰা সকলো স্বাস্থ্য কৰ্মীক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি পাৰ্গত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নড্ডাই বিষয়াসকলক আহ্বান জনায় । 

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা  আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় সন্মিলনত ৰাজস্থান,মধ্য প্ৰদেশ,অৰুণাচল, তামিলনাডু,ছত্তিশগড়কে ধৰি ভাৰতৰ ৩৪ ৰাজ্যৰ প্ৰায় তিনি শতাধিক স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াই অংশ গ্ৰহণ কৰিছে । স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ২৫০ গৰাকী স্বাস্থ্য বিষয়াক আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মান পত্ৰৰ সৈতে বঁটা প্ৰদান কৰে । উক্ত সন্মিলনখনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব, কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া, বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰসমূহৰ অতিৰিক্ত মুখ্য সচিব, মুখ্যসচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালকসকল তথা অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল । 

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে কালিৰপৰা বহু সংখ্যক বিষয়া আহি কাজিৰঙাৰ বিভিন্ন পৰ্যটন নিবাসত বাহৰ পাতি আছে। কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী তথা উচ্চ পৰ্যায়ৰ বিভাগীয় বিষয়াৰ নিৰাপত্তাৰ কাৰণে কেইবা শতাধিক নিৰাপত্তা ৰক্ষী কাজিৰঙাত মোতায়েন কৰা হৈছে । সন্মিলনত ভাগ লবলৈ অহা মন্ত্ৰী-বিষয়াৰ কাৰণে কাজিৰঙাত থকা সকলো চৰকাৰী-বেচৰকাৰী পৰ্যটন নিবাসৰ কোঠা আগতীয়াকৈ স্বাস্থ্য বিভাগে সংৰক্ষণ কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা অন্য পৰ্য্যটকৰ কাৰণে সমস্যাই দেখা দিছে। কাজিৰঙাত পৰ্যটক সকল উপস্থিত হৈ পৰ্যটন নিবাসৰ কোঠা নোপোৱাত নগাঁও, তেজপুৰ আদি ঠাইত নৈশ যাপন কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে । 

ইফালে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই সন্মিলনত ভাগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক দৃশ্য তথা গঁড়, পহুৰ জাক, বিভিন্ন প্ৰজাতিৰ পক্ষী দেখি উৎফল্লিত হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত অনুষ্ঠিত হোৱা সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহা সকলো প্ৰতিনিধিকে অসম  ৰাজ্যিক  স্বাস্থ্য বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে । অন্যহাতে এই সন্মিলনৰ লগত সংগতি ৰাখি প্ৰতিনিধিসকলক অসমৰ কলা সংস্কৃতি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ।

পলিমা চেতিয়া,কাজিৰঙা