
কাজিৰঙাঃ অহা ৫ আৰু ৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাতৰো চাৰিওফালে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে৷
ইয়াৰ মাজতে এতিয়া সমগ্ৰ বোকাখাতে চৰ্চালৈ আহিছে এগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ তেওঁৰ নাম চিত্ৰলেখা বৰা। বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ ৪ নং ৱাৰ্ডৰপৰা কংগ্ৰেছ দলৰ হৈ ৱাৰ্ড মেম্বাৰ খেলিবলৈ মন মেলা এই বাইদেউগৰাকীৰ আশাত চেঁচাপানী ঢালিলে পঞ্চায়ত সংশোধনী আইনখনে।
বাইদেউৰ শিক্ষাগত অৰ্হতাকে ধৰি সকলো ঠিকেই আছিল। কিন্তু এটা বস্তুুয়ে পয়মাল লগাই দিলে বাইদেউৰ পৰিকল্পনাত৷ আজিলৈকে বাইদেউৰ ঘৰত নাই শৌচালয়৷ এতিয়া চিন্তাত পৰিছে এই প্ৰাৰ্থিত্বপ্ৰত্যাশী বাইদেউগৰাকী৷ শৌচালয় নাথাকিলে বাইদেউয়ে পঞ্চায়ত নিৰ্বাচন খেলিব পৰাটো এতিয়া অসম্ভৱ হৈ পৰিছে৷
পঞ্চায়ত সংশোধনী আইন মতে, পঞ্চায়ত প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিব শৌচালয়। গতিকে, ঘৰত শৌচালয় নথকা এই গৰাকী বাইদেউৰ আশাত চেঁচাপানী পৰিব মাত্ৰ শৌচালয় নথকাৰ বাবেই৷ এতিয়া বাইদেউৰ ক্ষোভ, পঞ্চায়ত সংশোধনী আইনখনৰ বিৰুদ্ধে। বাইদেউয়ে প্ৰাৰ্থিত্ব নোপোৱাতো এতিয়া নিশ্চিত হৈ পৰাত পৰিয়ালৰ সকলো সদস্যই ক্ষোভ উজাৰিলে ৰাজ্য চৰকাৰৰ লগতে পঞ্চায়ত সংশোধনী আইনখনৰ বিৰুদ্ধে।
উল্লেখ্য যে, বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ যোগল, যোগলআটি, যোগনীয়া আদিকে ধৰি বিভিন্ন গাঁৱত নাই শৌচালয়ৰ কোনো ব্যৱস্থা। ইয়াৰ লগে-লগে বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰপৰা পঞ্চায়ত নিৰ্বাচন খেলিবলৈ বহু প্ৰাৰ্থীৰ আশাত ইতিমধ্যে চেঁচাপানী পৰিছে৷