newsnextone.com | কাজিৰঙাঃ গোলাঘাট জিলাৰ কাজিৰঙাৰ সমীপৰ লতাবাৰীত এটি কণমানি সন্তান সহ পিতৃক মাৰধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লতাবাৰীৰ কাজিৰঙা ধাবা তথা লম্বো ধাবাত এজন গ্ৰাহকক মাৰধৰ কৰাৰ ফলত চিকিৎসাধীন হ’ব লগীয়া হয়৷ ধাবাখনৰ গৰাকী লম্বো আৰু কেইবাগৰাকী লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰে লোকজনক।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছিল দুদিন পূৰ্বে৷ ধাবাখনত ধাৰ পৰিশোধ কৰিবলৈ অহা গ্ৰাহকজনক কেইবাগৰাকী লোকে মাৰধৰ কৰাৰ লগতে কণমানি সন্তানকো মাৰধৰ কৰিছিল বুলি অভিযোগ উত্থাপন হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতোঁ আৰক্ষীয়ে এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে ধাবাখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে গোর্খা ছাত্র সন্থাই। ধাবাৰগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বোকাখাত গোর্খা ছাত্র সন্থাকে ধৰি বিভিন্ন দল-সংগঠন৷

ডকমকা কাণ্ডত দুজন সম্ভাৱনাময় শিল্পীৰ লগতে আন বহু কেইজনে লোকে দেশ তথা ৰাজ্যত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেনে সময়ত মৰেল পুলিচক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে৷

বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত লতাবাৰীত বোকাখাত নিবাসী ৰোহিত গুৰুং নামৰ লোকজনক মৰেল পুলিচে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বোকাখাত মহকুমাত। বোকাখাত আৰক্ষীৰ ভূমিকাক লৈও ক্ষোভ প্ৰকাশ কৰিছে গোর্খা ছাত্র সন্থা তথা বোকাখাতৰ সচেতন মহল৷

কাজিৰঙা ধাবাত অবৈধ ভাৱে চলি থকা সুৰাৰ ব্যৱসায়ৰ পৰা আৰক্ষী আৰু অবকাৰী বিভাগে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপন কৰি ছাত্র সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰি কয় যে মাহেকীয়া অংক থকাৰ বাবেই হোটেলখনত সংঘটিত হোৱা কোনোধৰণৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে৷

আনহাতে, আৰক্ষীয়ে মৰেল পুলিচ কাণ্ডৰ এজনক আটক কৰি কোনো ব্যৱস্থা নোলোৱাকৈ মুকলি কৰি দিয়া বুলিও অভিযোগ উত্থাপন হয়। ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি পিতৃ আৰু সন্তানক মাৰধৰ কৰা ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ দাবী জনাই গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক।