কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু অগৰাতলি বনাঞ্চলত বিগত ৬ সপ্তাহ ধৰি চলা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ সামৰণি পৰিছে৷ ‘ট্ৰেনিং অৱ দ্য ট্ৰেনাৰ্চ’ নামৰ এই প্ৰশিক্ষণত ৰাজ্যৰ গঁড় আৱাস থকা সংৰক্ষিত বনাঞ্চলৰ পৰা নিৰ্বাচিত কৰি অনা মুঠ ৩০ গৰাকী বনকৰ্মীক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

বিশ্ব প্ৰকৃতি নিধি চমুকৈ WWFৰ সহযোগত বন বিভাগে আয়োজন কৰা এই প্ৰশিক্ষণত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যলয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে বন কৰ্মী সকলক চোৰাংচিকাৰী বিৰুদ্ধে যুঁজিব পৰাকৈ বনাঞ্চলৰ ভিতৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ উপৰিও বিভিন্ন ধৰণৰ উন্নত অস্ত্ৰ চালনৰ প্ৰশিক্ষণৰ লগতে বন্যপ্ৰাণী অপৰাধ সম্বন্ধীয় অনুসন্ধান, বনাঞ্চলত কৰিব লগা পেট্ৰলিং আদিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৷

বাগৰিত প্ৰাৰম্ভিক প্ৰশিক্ষণ দি ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজৰ ১১ জনক নিৰ্বাচন কৰি অগৰাতলি বনাঞ্চলত পৰৱৰ্তী প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ প্ৰশিক্ষণৰ শেষত বনকৰ্মী সকলক উন্নত প্ৰযুক্তিৰ দূৰবীণ, জি পি এছ, কম্পাচ আদিৰ উপৰিও জোতা আৰু পোছাকো প্ৰদান কৰা হয়৷ আনহাতে, প্ৰশিক্ষণৰ শেষত বোকাখাতস্থিত কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত বনকৰ্মী সকলক মানপত্ৰ প্ৰদান কৰা হয়৷

অনুষ্ঠানটোত কাজিৰঙাৰ সঞ্চালক আকাশদীপ বৰুৱা, বিশ্ব প্ৰকৃতি নিধিৰ ডঃ অমৃত শৰ্মা, কাজিৰঙা উপ বন সংৰক্ষক মুকুট দাস, প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিক আৰু প্ৰশিক্ষণৰ সমন্বয়ক নীৰেণ সিং উপস্থিত থাকে৷ উল্লেখ্য যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বন কৰ্মী সকলে নিজ নিজ বনাঞ্চলত কৰ্মৰত বনকৰ্মীক গৈ প্ৰশিক্ষণ প্ৰদান কৰিবগৈ।

কাজিৰঙাত বনকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পাই অত্যন্ত সুখী বুলি মত ব্যক্ত কৰি দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে কয় যে অসমৰ বন বিভাগে বিচাৰিলে বনকৰ্মী সকলক আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে পুনৰ অসমলৈ আহিবৰ ইচ্ছুক।