কাজিৰঙাঃ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপকণ্ঠত বসবাস কৰা ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীক বন আৰু নব্য প্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগ তথা অবিৰত ভাৱে শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ‘দা কৰবেট ফাউণ্ডেশ্যন’ নামৰ এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে " কনজাৰভেচন এডুকেচন প্ৰজেক্ট "শীৰ্ষক এক আচঁনি আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে । 

দা কৰবেট ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা সুমন্ত কুন্দোৱে জানিব দিয়া মতে কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত তথা হেম চন্দ্ৰ মহেন্দ্ৰ ফাউণ্ডেশ্যনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৰ্থাৎ বোকাখাট মহকুমাৰ অধীনত পশ্চিম কাজিৰঙা, মধ্য কাজিৰঙা, পূব কাজিৰঙা আৰু উত্তৰ-পূব কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ মুঠ ৩২ খন গাঁৱত আগন্তুক এটা বছৰ উক্ত বেচৰকাৰী স্বেচ্ছাসেবী সংগঠনৰ কৰ্মকৰ্তাই এখন সুসজ্জিত গাড়ীৰে ৰাইজৰ মাজত বন আৰু নব্য প্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ চেষ্টা চলাব । 

এই কাৰ্য কৰিবলৈ হেম চন্দ্ৰ মহেন্দ্ৰ ফাউণ্ডেশ্যনে আগবঢ়োৱা সজাগতা গাড়ীখন কৰবেট ফাউণ্ডেশ্যনৰ কাজিৰঙাস্থ উপ সঞ্চালক ডা: নবীন পান্ডে , কৰ্মী দিব্যজ্যোতি শইকীয়া, সুমন্ত কুন্দো আদিৰ উপস্থিতিত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ আৰু কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মাৰ লগতে উপস্থিত সকলো সাংবাদিকে ফিটা কাটি আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে । 

মহেন্দ্ৰ ফাউণ্ডেশ্যনে আগবঢ়োৱা গাড়ীখনেৰে এবছৰ অৰ্থাৎ ৩৬৫ দিন কাজিৰঙাৰ প্ৰতিখন গাঁৱত প্ৰচাৰ চলোৱা হব আৰু ৰাইজৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণ কৰিব বুলি জানিব পৰা গৈছে । আজিৰ এই অনুষ্ঠানৰ পূৰ্বে কৰবেট ফাউণ্ডেশ্যনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বিগত বৰ্ষত বন্য  প্ৰাণীক বিশেষকৈ বানপানীৰ সময়ত উদ্ধাৰ আৰু   সংৰক্ষণ,  কৃষি সুৰক্ষাৰ বাবে কৃষকক টঙি ঘৰ নিৰ্মাণ কৰি দিয়া,  বৈদ্যুতিক বেৰ নিৰ্মাণ কৰা, বাঘৰ দ্বাৰা আক্ৰান্ত পোহনীয়া জন্তুৰ চিকিৎসা কৰা আদি কামৰ বৰ্ণনা সাংবাদিকৰ আগত স্থিৰ চিত্ৰৰ মাধ্যমেৰে দাঙি ধৰে কৰবেট ফাউণ্ডেশ্যনৰ কাজিৰঙাস্থ উপ সঞ্চালক ডা, নবীন পান্ডেই ।

কাজিৰঙাৰ পৰা পলিমা চেতিয়া