কাজিৰঙাৰ ধাবাত চোৰাং খাৰুৱা তেলৰ ব্যৱসায়
আৰক্ষীৰ অভিযান, ট্ৰেংকাৰ জব্দ

কাজিৰঙাঃ নগাওঁ জিলাৰ অন্তৰ্গত কাজিৰঙাৰ বিভিন্ন ধাবাত অব্যাহত আছে চোৰাং তেলৰ ৰমৰমীয়া বেহা। খাৰুৱা তেল চুৰি কৰি বিক্ৰী কৰি থকা অৱস্থাত এখন তেল ভৰ্তি টেংকাৰ জব্দ কৰে বাগৰি আৰক্ষীয়ে। টেংকাৰ জব্দৰ ঘটনা সংবাদ মাধ্যমৰ পৰা গোপনে ৰখাৰ চেষ্টা বাগৰি আৰক্ষীৰ৷ জিলাখনৰ কলিয়াবৰ মহকুমাৰ বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত বাগৰি-হাৰমতী আদি অঞ্চলত বহুদিনৰেপৰা চলি আহিছে চোৰাং তেলৰ অবৈধ বেহা ৷  

উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা বাগৰি আৰক্ষীয়ে অভিযান চলাই ইনতিয়াজ আলি আৰু ইদ্ৰিছ আলি মালিকাধীন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন লাইন ধাবাত এন এল ০১ এল৫২০১ নম্বৰৰ এখন তেলভৰ্তি টেংকাৰৰ পৰা চোৰাংকৈ তেল উলিয়াই থকা অৱস্থাত জব্দ কৰে ৷ উক্ত টেংকাৰখনৰ পৰা খাৰুৱা তেল কঢ়িয়াই আনি বাগৰিত বিক্ৰী কৰি থকাৰ কথা বাগৰি আৰক্ষীয়ে সম্ভেদ পাই গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷ 

আনহাতে,আৰক্ষীয়ে দুই ড্ৰাম খাৰুৱা তেল সহ ট্ৰাকখন জব্দ কৰে যদিও ট্ৰাকৰ চালক আৰু ধাবাৰ গৰাকী দুজন ক্ৰমে ইনতিয়াজ আৰু ইদ্ৰিছ আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে বহু দিন ধৰি উক্ত অঞ্চলটোত থকা একাংশ ধাবাত অবৈধ চোৰাং তেলৰ বেহা চলি আহিছে যদিও নগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। 

ইফালে, বাগৰি আৰক্ষীয়ে সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰাখি ঘটনাৰ অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল যদিও সাংবাদিকৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলে আহে। আৰক্ষীয়ে জনোৱা মতে, ট্ৰেংকাৰখনৰ চালক আৰু ধাবাৰ গৰাকীৰ বিৰুদ্ধে বাগৰি আৰক্ষীয়ে নিজা ববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। এতিয়া প্ৰশ্ন হয় আৰক্ষী চকীৰ পৰা নিচেই কাষতে চলি থকা তেল চুৰি চক্ৰ উৎখাত কৰিব নোৱাৰা বাগৰি আৰক্ষীয়ে কেনেদৰে কৰায়ত্ত কৰিব ধাবাৰ গৰাকীৰ লগতে টেংকাৰ চালকক।