
newsnextone.com | কাজিৰঙাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ গোলাঘাট জিলাৰ দল-সংগঠনেও প্ৰতিবাদ অব্যাহত ৰাখিছে বিধেয়কৰ বিৰুদ্ধে৷ শনিবাৰে জিলা খনৰ কাজিৰঙাত কুৰিটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বিধেয়কৰ বিৰুদ্ধে৷ জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবীত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে৷ প্ৰতিবাদত অংশ লৈ সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে নূন্যতম মজুৰি, সামাজিক সুৰক্ষা, শ্ৰম আইনৰ পৰা বঞ্চিত, মালিকৰ শোষণত জৰ্জৰিত আমাৰ দেশৰ কোটি কোটি শ্ৰমিকৰ চকুৰ পৰা বৈ থকা চকুপানী নেদেখা দিল্লী-দিছপুৰত বহি থকাসকলে বিদেশৰ পৰা মানুহ আনিবৰ বাবে পাং পাতিছে। এয়া কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে। জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সকলো পক্ষ একত্ৰিত হওক।
কাজিৰঙাৰ কহঁৰা চাৰিআলিত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি সাংবাদিক সংগঠনটোৱে ৰূপায়ন কৰা কাৰ্যসূচীত ভাষণ প্ৰদান কৰি সাহাই কয় যে অসমীয়াৰ অস্তিত্ব বৰ্তি আছে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি।
বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব জীয়াই থকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তি থাকিব সাহিত্য, সমাজ আৰু বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতি। কিন্তু, জোৰজুলুমকৈ কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাজেৰে অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহাব। অসমীয়া জাতিৰ আৱেগ-অনুভূতি, সপোনক ধূলিস্যাৎ কৰি বিভেদ সৃষ্টিৰ অপচেষ্টা চলোৱা তথা দেশৰ ধৰ্ম নিৰপেক্ষ নীতিবিৰোধী, সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ বুলি কথা নাই সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে বুলি কয় সাহাই।
সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই বিধেয়ক আইনত পৰিণত হ’লে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ আহিবৰ বাবে লাইচেন্স প্ৰদান কৰা হ’ব বুলি কয়। এই আইনে বাংলাদেশৰপৰা ইতিপূৰ্বে আহি অসমত অবৈধভাৱে থাকিবলৈ লোৱা বাংলাদেশী লোকক অসমৰ ভূমিত চিৰস্থায়ীভাৱে থকাৰো আইনী ব্যৱস্থা প্ৰদান কৰিব। লগতে ভবিষ্যতলৈ অবাধ গতিত অহাৰ বাট প্ৰশস্ত কৰিব। ইয়াৰ ফলত, অসমৰ জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পৰিব। আনকি, অসমৰ ভাষা-সাহিত্য-সংস্কৃতি-সমাজ জীৱন বিপন্ন হৈ পৰিব।
বিপন্ন হৈ পৰিব অসমীয়া ভাষীৰ লগতে অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰা সকলোবোৰ জাতি-জনগোষ্ঠীৰ আইৰ মুখৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু নিজকে বিকশিত কৰাৰ সপোন। এনে প্ৰেক্ষাপটত সকলো জনগণ মাৰবান্ধি ওলাই আহিবৰ সময় সমাগত। অস্তিত্ব ৰক্ষাৰ শৰাইঘাটৰ এই শেষ যুঁজখনত যুঁজ দিবলৈ বিভিন্ন দল-সংগঠন একত্ৰিত হোৱাৰ বিপৰীতে জাতি-মাটি-ভেটিৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহিব নোৱাৰা হৈছে এসময়ৰ জাতীয় নায়ক। আনহাতে, দুতলীয়া স্থিতিৰে ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ বিপৰীতে অসম আন্দোলনৰ ফচল অগপৰ নেতৃত্বই গেৰুৱা বাহিনীৰ সৈতে মিত্ৰজোঁটৰ বাবে লাভ কৰা মন্ত্ৰিত্বৰ গাদীৰ মোহ ত্যাগ কৰি জাতিৰ সংকটৰ সময়ত মুকলি ভাৱে ওলাই আহিবলৈও আহ্বান জনায় সাহাই।
কাৰ্যসূচীৰ আৰম্ভণিতে পথ দুৰ্ঘটনাত নিহত হোৱা কাজিৰঙাৰ মাতৃ-পুত্ৰৰ অকাল বিয়োগত গভীৰ শোকপ্ৰকাশ কৰাৰ এক মিনিট মৌন প্ৰাৰ্থনা কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰতিবাতীসকলে। ইয়াৰ পাছতেই কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথে আদৰণি ভাষণ আগবঢ়ায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ সভাপতি দেৱকান্ত গগৈয়ে কয় যে অসমৰ সমাজ-সংস্কৃতি-ইতিহাস সলনি কৰি বৃহত্তৰ অসমীয়া জাতিৰ পৰিকাঠামো নিঃশেষ কৰাৰ পৰিকল্পনা স্বয়ং শাসক গোষ্ঠীৰ।
ঐতিহাসিক অসম চুক্তিক সম্পূৰ্ণ ভাৱে উপেক্ষা কৰি নতুন দিল্লীয়ে অসম তথা উত্তৰ-পূবৰ থলুৱা জনগণক বিপন্ন কৰিবৰ হেতু নাগৰিকত্ব সংশোধনী বিধেয়কক আইনলৈ পৰিণত কৰাৰ ষড়যন্ত্ৰ কৰিছে। জ্যেষ্ঠ নাগৰিক মুনীন্দ্ৰনাথ শৰ্মাই কয় যে গাদীৰ লোভতেই আঞ্চলিকতাবাদী নেতাসকলে যে গাদী এৰিব নোৱাৰা হৈছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। এসময়ৰ জাতীয় নায়ক তথা তেওঁৰ সতীৰ্থসকলেও সম্প্ৰতি গ্ৰহণ কৰিছে নিৰাপদ অৱস্থান। আজি জাতিৰ সংকটকালত এয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে।
অসমৰ সকলো জাতি-জনজাতি-সম্প্ৰদায়, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ যুঁজ নিদিলে অসমতে অসমীয়াৰ অস্তিত্ব সংকটপন্ন হ'ব। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ বোকাখাত জিলা সমিতি, টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিক সমিতি, কহঁৰা বজাৰ সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা আঞ্চলিক সমিতি, কাজিৰঙা বেংগলী উন্নয়ন সমিতি, কাজিৰঙা জীপ চাফাৰি সন্থাৰ লগতে কুৰিটা দল-সংগঠনে অংশগ্ৰহণ কৰা প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ নাগৰিক ফটিক বৰাই কয় যে ১৬ মে’ৰ পাছত সকলো বাংলাদেশীয়ে তালি-টোপোলা বান্ধিব লাগিব বুলি হুংকাৰ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ গঠন কৰাৰ পাছত এজনো বাংলাদেশী বহিস্কাৰ কৰাতো দূৰৰে কথা নতুনকৈ বাংলাদেশী আনিবৰ বাবেহে পোষকতা কৰিছে।
এয়া কেতিয়াও মানি লোৱা নহ'ব। ৰাইজৰ সহযোগত সাংবাদিক সংস্থাই চলাই নিয়া ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী অৱস্থান ধৰ্মঘটৰ লগতে অনুষ্ঠিত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি স্থানীয় নাগৰিক কালিদাস উপাধ্যায়, ৰেহান আলি, লীলা তামুলী, জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, ৰঞ্জিত ৰজক, পলিমা চেতিয়া বসুমতাৰী, বিতোপন মাজি, বিতোপন বৰা, মনোজ প্ৰতিম শইকীয়া, অৱসৰপ্ৰাপ্ত বনবিষয়া তথা চিত্ৰশিল্পী চিন্ময় ধৰ, আটাছুৰ উৎপল গগৈ, কবি সন্মিলনৰ দিব্যজ্যোতি শইকীয়া, যুৱ-ছাত্ৰৰ অনন্ত গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰি দেহত শেষ বিন্দু তেজ থকা লৈকে এই আইনৰ বিৰুদ্ধে যুঁজ কৰি যোৱাৰ হুংকাৰ দিয়ে।
ইপিনে, চিত্ৰশিল্পী পাপু ঘোষে প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকি কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ, সমাজবাদী ৰাষ্ট্ৰ হোৱাৰ পাছতো কেৱল ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক আমদানি কৰাটো যুক্তি সংগত নহয় বুলি মন্তব্য আগবঢ়ায়। এনে প্ৰেক্ষাপটত জাতি-মাটি-ভেটিৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দিশপুৰৰ মচনদ দখল কৰা গেৰুৱা বাহিনীৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হৈছে বৃহত্তৰ অসমীয়া জাতি।
মিত্ৰজোঁটত থাকি চুবুৰীয়া ৰাজ্য মেঘালয়ে যদি নাগৰিকত্বৰ বিধেয়কৰ বিৰোধিতা কৰি সৎ সাহস দেখুৱাব পাৰে তেন্তে একেই মিত্ৰজোঁটত থাকি দিশপুৰে নোৱাৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। প্ৰতিবাদী অনুষ্ঠানত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমীয়াৰ অস্তিত্ব বিপন্ন কৰা আইন মানি লোৱা নহ'ব, ৰাইজৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে কাজিৰঙাৰ আকাশ-বতাহ। সাংবাদিক সংস্থাৰ উদ্যোগত দওবাৰে সন্ধিয়া ৬-০০ বজাত অনুষ্ঠিত হ'বলগীয়া জোঁৰ সমদলত সকলো দল-সংগঠন-বৰ্ণ নিৰ্বিশেষে উপস্থিত থাকিবলৈ আহ্বান জনায়।