লঠঙা বিদ্যুতৰ খুটাৰ তলত টিভি-অডিঅ চিষ্টেম লৈ ৰাইজৰ পূজা-অৰ্চনা

কাজিৰঙাঃ এইবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কাজিৰঙাৰ পাহাৰ লাইন গাঁৱৰ ৰাইজে। দেওবাৰে পুৱাতেই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে বিভিন্ন শ্লোগান দি উত্তাল কৰিলে কাজিৰঙাৰ আকাশ-বতাহ৷ কেৱল বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দিয়াই নহয় এইবাৰ লঠঙা বিদ্যুতৰ খুটাৰ তলত ৰাইজে টেলিভিচন-অডিঅ’ চিষ্টেম লৈ কৰিলে পূজা-অৰ্চনা৷ উল্লেখ্য যে, বোকাখাত বিদ্যুৎ সংমণ্ডলৰ অধীনৰ পাহাৰ লাইন গাঁৱৰ ৰাইজে আজিলৈকে দেখা নাই বিদ্যুতৰ পোহৰ।
সঘনাই বন্যপ্ৰাণীৰ উপদ্ৰৱস্থলী ৰূপে পৰিচিত এই পাহাৰ লাইন গাঁৱৰ ৰাইজে পূৰ্বতে বহুবাৰ বিদ্যুৎ বিভাগৰ ওচৰত আবেদন কৰিও বিদ্যুতৰ পোহৰ আজিলৈকে দেখা নাপালে। বোকাখাতৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত এই সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল গাঁৱৰ ৰাইজে৷
বিদ্যুৎ বিভাগে ইয়াৰ পাছতেই সৌভাগ্য আঁচনিৰ অধীনত নিকন আৰু গোপী কৃষ্ণ এই দুটা প্ৰতিষ্ঠানক কাজিৰঙাৰ পাহাৰ লাইন আৰু চেপেনা কোবোৱা আদি অঞ্চলত বিদ্যুৎ যোগান ধৰিবলৈ ঠিকা আৱণ্টন দিয়ে৷ ইপিনে, এই ঠিকাৰ আৱণ্টন লাভ কৰাৰ পাছতেই নিকন আৰু গোপী কৃষ্ণ নামৰ এই প্ৰতিষ্ঠান দুটাই কাজিৰঙাৰ বিদ্যুৎ নথকা গাঁও সমূহত বিদ্যুতৰ খুটা পেলাবলৈ আৰম্ভ ধৰে। বিগত মাহ-মাহ ধৰি উক্ত প্ৰতিষ্ঠান দুটাই চাহ-বাগিচাৰ মাজে-মাজে বিদ্যুতৰ খুটা পেলোৱাৰ লগতে কিছু-কিছু ঠাইত খুটা পুতিয়েই নিজৰ নিজৰ দায়িত্ব সামৰে৷
এই প্ৰতিষ্ঠান দুটাই ঠিকা লাভ কৰা অঞ্চলসমূহৰ কোনো ঠাইতেই বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা নকৰিলে। যাৰ বাবে এতিয়া কাজিৰঙাৰ পাহাৰ লাইন আৰু চেপেনা কোবোৱা আদি গাঁৱৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ লগতে একমাত্ৰ বিদ্যুৎ নথকাৰ বাবেই সন্ধিয়া হ’লেই সকলোৱেই দুৱাৰ-খিৰিকী বন্ধ কৰি সোমাই থাকিবলৈ বাধ্য হয়। কাৰণ এই অঞ্চলসমূহত আন্ধাৰ নামি অহাৰ সমান্তৰালভাৱে আৰম্ভ হয় বন্যপ্ৰাণীৰ উপদ্ৰৱ। দিন-মাহ-বছৰ ধৰি গাঁওবাসীয়ে আজিৰ ডিজিটেল যুগতো বাস কৰিব লগা হৈছে এনে মান্ধাতাযুগত৷ আজি অৱশেষত ৰাইজৰ ধৈৰ্য্যচ্যুতি ঘটিল।
দেওবাৰে পুৱাই পাহাৰ লাইন গাঁৱৰ ৰাইজে লঠঙা বিদ্যুতৰ খুটাৰ তললৈ লৈ আহে তেওঁলোকৰ ঘৰত ইতিমধ্যে ডাষ্টবিনলৈ পৰিণত হোৱা টেলিভিচনৰ লগতে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী সমূহ। ইপিনে, বিদ্যুতৰ খুটাৰ তলত চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰিবলৈ ধৰে। অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ লগতে উক্ত প্ৰতিষ্ঠান দুটাৰ পৰা সুমতি বিচাৰি নেদেখা জনৰ ওচৰত এনেদৰে প্ৰাৰ্থনা কৰে গাঁৱখনৰ ৰাইজে। অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, নিকন-গোপী কৃষ্ণ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে গাঁৱৰ ৰাইজে৷
গাঁৱখনৰ ৰাইজে এতিয়া এসপ্তাহৰ সময়সীমা বান্ধি দিছে বিদ্যুৎ বিভাগ তথা উক্ত প্ৰতিষ্ঠান দুটাক। আগন্তুক এসপ্তাহৰ ভিতৰত গাঁৱখনৰ লঠঙা বিদ্যুতৰ খুটা সমূহত তাঁৰ সংযোগ কৰি বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰিলে ৰাইজে ইয়াতকৈও অধিক ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷