গুৱাহাটীঃ পুনৰ চোৰাংচিকাৰীয়ে হত্যা কাৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড়। যোৱা চাৰি মাহত গঁড় হত্যা নোহাৱাকৈ থকাৰ পাছত শনিবাৰে বাগৰি ৰেঞ্জত এই মৃত গঁড়টো এটা পৰ্যটকৰ দলে প্ৰথমে প্ৰত্যক্ষ কৰে।

মূৰত এজাঁই গুলী লগা গঁড়টোৰ খড়্গটো চোৰাং চিকাৰীয়ে কাটি লৈ যায়। মৃত গঁড়টো উদ্ধাৰৰ পাছত চলিত বছৰত চোৰাংচিৰাকীয়ে মুঠতে ছটা গঁড় হত্যা কৰিলে।

মন কৰিবলগীয়া যে বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনত শনিবাৰে চোৱাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰিছিল আৰু নিশালৈ এই ঘটনা সংঘটিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' আৰ বি শইকীয়াই কয় যে বন কৰ্মীয়ে নিশা গুলীৰ মাত শুনিছিল যদিও সেয়া কাষৰ বিবাহ বাহৰত ফুটুৱা ফটকাৰ মাত বুলি ধৰি লৈছিল। 

আজি পুৱা এটা পৰ্যটকৰ গলে জীপ ছাফাৰী কৰি থকাৰ সময়তে তেওঁলোকে মৃত গঁড়টো প্ৰত্যক্ষ কৰে আৰু বন বিভাগক খবৰ দিয়ে। 

উল্লেখ্য যে যোৱা ১১ মে'ত উদ্যানখনৰ চিৰাখোৱা অঞ্চলত খড়্গবিহীন এটা মতা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰিছিল।ইয়াৰ পূৰ্বেও ৩ মাৰ্চ আৰু ১১ ফেব্ৰুৱাৰীত চোৰাংচিকাৰীয়ে দুটাকৈ গঁড় হত্যা কৰিছিল।