♦ জৰীপ নকৰোৱাৰ লিখিত প্ৰতিশ্ৰুতিৰ পাছতহে ৰাইজে মুকলি কৰি দিলে আলফাজিঅ' কোম্পানীৰ কৰ্মকৰ্তাক ♦ জৰীপকাৰীৰ নিৰাপত্তাৰ বাবে প্ৰশাসনে  সাজু কৰিছে অৰ্ধ সামৰিক বাহিনী ♦ যিকোনো মূল্যৰ বিনিময়ত ভূ-কম্পন জৰীপৰ কাম বন্ধ কৰাৰ হুংকাৰ ৰাইজৰ 

কাজিৰঙাঃ অৱশেষত বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰাইজে যোৱা নিশা মুকলি কৰি দিয়ে খাৰুৱা তেল উদঘাটনৰ নামত বেআইনীভাৱে ভূ-কম্পন জৰীপ চলোৱা আলফাজিঅ' নামৰ বহিৰাগত কোম্পানীটোৰ কৰ্মকৰ্তাক।

বোকাখাত আৰক্ষী জৰীপথলীত উপস্থিত হৈ আৰক্ষীৰ লগতে কোম্পানীৰ কৰ্মকৰ্তাই ভূ-কম্পন জৰীপৰ কাম পুনৰ নকৰা সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে গাড়ীসহ ৰাইজে আৱদ্ধ কৰি ৰখা কোম্পানীটোৰ কৰ্মকৰ্তাক আৰক্ষীক গতাই দিয়ে। ৰাইজে কৰা অভিযোগ অনুসৰি, ভূ-কম্পন জৰীপ চলোৱাৰ উদ্দেশ্যত মেৰকাণ গাঁৱত শনিবাৰে দিনৰ ভাগত বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত আলফাজিঅ' নামৰ কোম্পানীটোৰ কৰ্মকৰ্তাই ভূ-কম্পন জৰীপৰ কাম আৰম্ভ কৰিছল৷

এই বিষয়টো অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই ৰাইজ ওলাই আহি কোম্পানটোৰ ভূ-কম্পন জৰীপৰ কাম বন্ধ কৰি ১০ জনীয়া দলটোক গাড়ী, যন্ত্ৰ-পাতিসহ আৱদ্ধ কৰি ৰাখে৷

ভূ-কম্পন জৰীপৰ কাম বন্ধ হৈ থকাৰ পাছতো কাৰ ষড়যন্ত্ৰত এই বেআইনী কৰ্ম কৰা হৈছে সেই বিষয়ে ৰাইজক প্ৰশাসনে লিখিতভাৱে অৱগত কৰিলেহে আৰু এনে জৰীপৰ কাম বন্ধ কৰিলেহে আৱদ্ধ কৰি থোৱা সকলক ৰাইজে মুকলি কৰি দিব বুলি জনায়৷

আনহাতে, আৱদ্ধ কৰি থোৱা সকলৰ নিৰাপত্তাৰ বাবে কেউফালে জুই ধৰি ৰাইজে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে থকা-খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা ৰাইজে কৰে। ইপিনে, ৰাইজে লগতে কৰা অভিযোগ মতে, কোম্পানীটোৱে যন্ত্ৰ-পাতিৰ দ্বাৰা ভূ-গৰ্ভত ৩০ ৰপৰা ৩৫ টা বিস্ফোৰণ কৰি বেআইনীভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহিখোৱা এলেকাত ভূ-কম্পন জৰীপৰ কাম যোৱা ২৩ নৱেম্বৰত আৰম্ভ কৰিছিল।

ৰাইজে বিষয়টো গম পাই কোম্পানীৰ কৰ্মকৰ্তাক পহুখেদা দিয়াৰ পাছত কালি পুনৰ বোকাখাতৰ মেৰকাণ এলেকাত ভূ-কম্পন জৰীপৰ কাম আৰম্ভ কৰিছিলহি। ৰাইজে স্পষ্ট ভাৱে কয় যে কাজিৰঙাৰ কাষৰীয়া এলেকাত ভূ-কম্পন জৰীপ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ সমগ্ৰ জৈৱ-বৈচিত্ৰ ধ্বংসৰ গৰাহত পৰিব। আনকি, কাষৰীয়া সমগ্ৰ এলেকাৰ কীট-পতংগ, সাপ-ভেকুলী নাইকিয়া হ’ব। ফলত, কৃষক-শ্ৰমিকৰ অৱস্থা হাহাকাৰ হ’ব। তদুপৰি, সাধাৰণ ৰাইজে সেৱন কৰা বিশুদ্ধ খোৱাপানী পোৱাৰ ক্ষেত্ৰতো অসুবিধা হ’ব।

আনহাতে, কোনো ধৰণৰ ৰাজহুৱা শুনানি নোলোৱাকৈ চুৰি কৰি আলফাজিঅ’ নামৰ কোম্পানীটোৱে ভূ-কম্পন জৰীপ কৰিছে। ৰাইজে লগতে উল্লেখ কৰে যে জৈৱ বৈচিত্ৰ ধ্বংস হ’ব বুলিয়েই ২০০৬ চনৰ ৩০ অক্টোবৰত ডিব্ৰুগড়ত আৰু ৫ নৱেম্বৰত ডিগবৈত সমূহ জাতীয় সংগঠনৰ উপস্থিতিত ৰাজহুৱা শুনানিৰ পাছত চৰকাৰী পক্ষই অসমত ভূ-কম্পন জৰীপ কৰা নহ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। আনকি, কেইবছৰমানৰ পূৰ্বে ব্ৰহ্মপুত্ৰত অইল ইণ্ডিয়াই তেলৰ সন্ধানত ভূ-কম্পন জৰীপ (ছিছমিক ছাৰ্ভে) চলোৱাৰ বাবে কৌশলপূৰ্ণভাৱে ৰাজ্যৰ পৰিৱেশ নিয়ন্ত্ৰণ বিভাগৰ বিষয়াক উপঢৌকনেৰে মেনেজ কৰি বিধি বৰ্হিভূতভাৱে অনুমতি আদায় কৰা ঘটনাক লৈ উত্তাল হৈ উঠিছিল ৰাজ্য।

পূৰ্বতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰতিবাদী সংগঠনসমূহৰ নেতৃত্বত এবছৰ জুৰি ধাৰাবাহিকভাৱে চলা আন্দোলনৰ অন্তত ব্ৰহ্মপুত্ৰক ধ্বংস কৰিবলৈ লোৱা অইল ইণ্ডিয়াৰ এই ষড়যন্ত্ৰ বন্ধ হৈছিল। ইয়াৰ পাছতো কাৰ সাহসত স্বয়ং গোলাঘাট জিলাৰ উপায়ুক্তই এই বেআইনী কৰ্মত সহযোগ কৰিছে বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰে।

ইফালে, প্ৰশাসনৰ তৰফৰপৰা গোলাঘাটৰ জিলা আৰক্ষী অধীক্ষক আৰু স্থানীয় ৰাজহ চক্ৰ বিষয়াক ভূ-কম্পন জৰীপ কৰাত সহায় কৰিবলৈ নিৰ্দেশ দিয়াটো অত্যন্ত গৰিহণাৰ যোগ্য। ইয়াৰ উচিত তদন্ত কৰিবৰ বাবেও ৰাইজে আহ্বান জনায়।

ইপিনে, জীপাল কৃষক-শ্ৰমিক সংঘই অভিযোগ কৰে যে ইতিমধ্যে ভূ-কম্পন জৰীপ চলাবলৈ আহি কাজিৰঙাৰ কাষৰীয়া বহিখোৱা এলেকাৰপৰা আলফাজিঅ' নামৰ কোম্পানীটোৰ খেদি পঠিওৱাৰ পাছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক তথা বন প্ৰাধিকাৰী বিষয়াই কি কাৰণত মৌনতা অৱলম্বন কৰিছে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷

তদুপৰি, সাধাৰণ জনতা পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থকাৰ গইনা লৈ বি জে পিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে গোপনে ভূ-কম্পন জৰীপৰ কাম চলাইছে বুলি অভিযোগ উঠিছে৷ জৈৱ-বৈচিত্ৰক ধ্বংসৰ গৰাহলৈ ঠেলি তথা সাধাৰণ জনগণক পণবন্দী কৰি গোপনে ভূ-কম্পন জৰীপ চলাবলৈ দিয়াৰ মূল্য চৰকাৰী পক্ষই পৰৱৰ্তী সময়ত ভৰিব লাগিব বুলিও স্পষ্ট কৰে 'জীপাল'-এ।

আনহাতে, কুৰুৱাবাহীৰ স্থানীয় ৰাইজে এক গুৰুতৰ অভিযোগ কৰে যে ইতিমধ্যে কুৰুৱাবাহীৰ মথাউৰিত ঘন ঘনকৈ উঁহ ওলাই থাকে। তেনেস্থলত মথাউৰিৰ গাতে লগাই বিস্ফোৰক দি ভূ-কম্পন জৰীপ কৰে তেন্তে ৰাইজৰ বিপদ অনিবাৰ্য আৰু কুৰুৱাবাহী-বোকাখাতক নিৰাপত্তা দিয়া সম্ভব হৈ নুঠিব। গতিকে কোনোপধ্যেই এই ভূ-কম্পন জৰীপ কৰিবলৈ দিয়া নহ'ব।

আমাৰ হাতত পৰা এক তথ্য মতে, ভূ-কম্পন জৰীপৰ কাম ৰাইজে দুদিনকৈ বন্ধ কৰাৰ পাছত গোলাঘাট জিলাৰ বিভিন্ন স্থানত ভূ-কম্পন জৰীপ কৰাৰ ক্ষেত্ৰত যাতে কোনেও বাধা দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ বাবে ইতিমধ্যেই কোম্পানীটোৰ অনুৰোধত প্ৰশাসনে অৰ্ধ সামৰিক বাহিনী সাজু কৰিছে। কিন্তু, জোৰ জুলুমকৈ যদি ভূ-কম্পন জৰীপ চলোৱা হয়, তেন্তে অচিৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাষৰীয়া এলেকাৰ জৈৱ বৈচিত্ৰ ধ্বংস হ'ব বুলি ভাবি বিভিন্ন প্ৰকৃতিপ্ৰেমী সংস্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

যিকোনো মূল্যৰ বিনিময়ত হ'লেও এই ভূ-কম্পন জৰীপৰ কাম বন্ধ কৰা হ'ব বুলি বোকাখাত-কাজিৰঙাৰ বিভিন্ন গৰাকী ৰাইজে ঘোষণা কৰিছে।