কাজিৰঙাঃ কাজিৰঙাত মৃত্যু হৈছে এটা বনৰজাৰ। উদ্যানৰ বাগৰি বনাঞ্চলৰ ৰৌমাৰিত মৃত্যু হৈছে প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৰ। ৪/৫ দিনৰ পূৰ্বে মৃত্যু হোৱা বাঘটো আজি দুপৰীয়া উদ্ধাৰ কৰে কাজিৰঙা বনবিভাগে। 

উদ্যানৰ বন সংৰক্ষক জৰ্জেজ আহমেদ আৰু বন প্ৰাধিকাৰী বিষয়া ৰোহিণী শইকীয়াৰ উপস্থিতিত পশু চিকিৎসক প্ৰাণজিৎ বসুমতাৰী আৰু নবীন পাণ্ডেৰ নেতৃত্বত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় বাঘটোৰ।

প্ৰাপ্তবয়স্ক বাঘটোৰ মৃত্যুৰ সময়ত বয়স ৭/৮ বছৰ হ'ব বুলি জনাইছে বন কৰ্তৃপক্ষই। পৰস্পৰৰ মাজত যুঁজ লাগি বাঘটোৰ মৃত্যু হৈছে বুলি জনাইছে পশু চিকিৎসকে। মৰণোত্তৰ পৰীক্ষাৰ পাছত ৰাষ্ট্ৰীয় ব্যঘ্ৰ প্ৰাধিকৰণৰ সদস্য প্ৰণৱ বৰাৰ উপস্থিতিত বাঘৰ মৃতদেহটো দাহ কৰে কাজিৰঙা বনবিভাগে। চলিত বৰ্ষত বাঘ মৃত্যুৰ এইটোৱেই প্ৰথম ঘটনা যদিও বিগত বৰ্ষত দুটা বাঘৰ মৃত্যু হৈছিল।