
বাহাকাবাৰীঃ দীনদয়াল, নগাঁও কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে ছাত্ৰৰ ৰাজনীতিয়ে উত্তাল কৰি ৰাখিছে নগাঁও জিলাৰ কামপুৰ৷
ৰাজ্যৰ সংসদীয় ৰাজনীতিত জড়িত লোকসকলৰ দৰে ছাত্ৰ ৰাজনীতিটো আৰম্ভ হৈছে অৰিয়া অৰি৷ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়ৰ অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পুৰ্বে আৰম্ভ হৈছে তীব্র উত্তেজনাৰ।
মঙলবাৰে নিশা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সাধাৰণৰ সম্পাদকৰ পদৰ প্ৰাৰ্থী হবলৈ আগবঢ়া নিৰজ বৰাক আক্ৰমণ কৰে দুৰ্বত্তই৷ বৰাই বন্ধুৰ ঘৰৰ পৰা আহি থকা অৱস্থাত কামপুৰৰ কপিলী দলঙৰ সমীপত চাৰিজনীয়া দুৰ্বৃত্তি আক্ৰমণ কৰাত গুৰুতৰ ভাবে আহত হয় তেও৷
প্ৰায় ৫ জনীয়া এটি দলে বাট আগছি ধৰি মাৰপিট কৰাতে ক্ষান্ত নাথাকি মনোনয়ন পত্ৰ দাখিল নকৰিবলৈ সকীয়ণি প্ৰদান কৰে ছাত্ৰ বৰাক। গুৰুতৰভাৱে আহত ছাত্ৰজনক ততাতৈয়াকৈ একাংশ লোকে নিশাই কামপুৰ চিকিৎসালয়ত ভৰ্তি কৰে। আহত ছাত্ৰজনে কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷