newsnextone.com ।। ডিজিটেল ডেস্কঃ প্ৰাকৃতিক দুৰ্যোগ অৰ্থাৎ বানপানীৰ ফলত কেৰেলাত যথেষ্ট ক্ষতিসাধন হোৱা দেখা গ’ল৷ বানাগ্ৰস্ত হোৱা কেৰেলাৰ বাবে বহুকেইখন দেশে সাহাৰ্য আগবঢ়াবলৈ ইচ্ছুক হোৱাৰ বিষয়ে ইতিমধ্যে জানিব পৰা গৈছে৷ আমেৰিকাই ৭০০ কোটি, মালদ্বীপে ৩৫ লাখ কোটি টকাৰ সাহাৰ্য দিবলৈ লোৱাৰ বিষয়ত অসন্মতি প্ৰকাশ কৰে দেশীয় চৰকাৰে৷ 

জানিব পৰা মতে ভাৰত চৰকাৰে ৬০০ কোটি টকাৰ নগদ ধন আগবঢ়ায় কেৰেলালৈ৷ আৰ্থিক সমস্যাৰ বাবে সহায় ল’বলৈ অস্বীকাৰ কৰা বিবাদৰ পাছত গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে স্পষ্ট ৰূপত কয়, এয়া কেৱল এক আগতীয়াকৈ প্ৰেৰণ কৰা সহায়ৰ টকা৷

ক্ষতিপূৰণৰ বাবে কেৰেলাক আৰ্থিক সাহাৰ্যৰ বাবে আৰু টকা দিয়া হ’ব বুলি ঘোষণা কৰে গৃহ মন্ত্ৰালয়ে৷ খবৰ অনুসৰি দেশৰ চৰকাৰৰ লগতে এন.ডি.আৰ.এফ.-এ অতিৰিক্ত সহায়ৰ হাত আগবঢ়োৱাৰ বিষয়ে জাৰি কৰিছে৷ নিয়মিত ৰূপত কেৰেলাৰ প্ৰত্যেক বিষয়ৰ ওপৰত দৃষ্টি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷ যোৱা ১৭ আৰু ১৮ আগষ্টত কেৰেলা ৰাজ্যৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কেৰেলাৰ সংকটজনক অৱস্থাক লৈ মুক্তি অভিযানৰ বাবে আলোচনা কৰে৷

মোদীৰ নিদেৰ্শানুজাৰি কেবিনেট সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় সংকট প্ৰৱন্ধন সমিতিয়ে ২০১৮ চনৰ ১৬ আগষ্টৰ পৰা ২১ আগষ্টলৈ এই বৈঠক সন্মিলিত হোৱা দেখা যায়৷ লগতে কেৰেলাৰ মুখ্য সচিব প্ৰধানে ভিডিঅ’ৰ জৰিয়তে বৈঠক খনত অংশগ্ৰহণ কৰে৷ এই আলোচনাত লোৱা নিৰ্ণয়ৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ব্যাপক স্তৰত মুক্তি তথা বিপদৰ পৰা উদ্ধাৰৰ বাবে অভিযান চলায়৷

উল্লেখযোগ্য যে এই অভিযানত ৪০ খন হেলিকপ্তাৰ, ৩১ খন উৰাজাহাজ, ১৮২ সুৰক্ষা দলৰে পৰা ১৮ টাকৈ চিকিৎসাৰ দল, এন.ডি.আৰ.এফ-ৰ ৫৮ টা দল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ দলৰ লগতে ৭ টাকৈ কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল৷ লগতে আৱশ্যকীয় কাৰ্যৰ বাবে ৫০০ খন নাও-ৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷