
লিডুঃ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এখন পঁয়ালগা দৃশ্যৰ প্ৰতিফলন ঘটিছে বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাত ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাটোৰ ভিতৰতে এখন পুৰনি চিকিৎসালয় হিচাপে পৰিচিত টিৰাপ ৰাজ্যিক চিকিৎসালয়খন আজিও উন্নতমানৰ চিকিৎসালয়লৈ পৰিৱৰ্তন নহল ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অমনোযোগিতাৰ বাবে আজিও কাৰিকৰী দিশত বহু পিছ পৰি আছে টিৰাপ ৰাজ্যিক চিকিৎসালয় খন ৷ এজন স্থায়ী চিকিৎসকৰ অভাৱে জীয়াতু ভোগাইছে সাধাৰন ৰাইজক ৷ যাৰ পৰিপেক্ষিতত বাধ্য হৈ এজন অস্থায়ী ভাৱে নিযুক্ত চিকিৎসকে এতিয়া চোৱা চিতা কৰিছে এলেকাটোৰ অধীনস্থ ১০ খনৰো অধিক গাওঁৰ ৰোগীক ৷
উল্লেখ্য যে আয়ুবেদিক চিকিৎসকৰ বাবে সংক্ষিত চিকিৎসালয় খনত ডা: বিপুল কলিতা নামে এজন স্থায়ী চিকিৎসকক কেন্দ্ৰটিত নিযুক্তি দিয়া হৈছিল যদিও বৰ্তমান চিকিৎসকজন উচ্চশিক্ষাৰ বাবে বাহিৰত প্ৰশিক্ষন লৈ থকাত এতিয়া খালী হৈ পৰিছে এজন স্থায়ী চিকিৎসকৰ পদটো ৷ বৰ্তমান স্থায়ী চিকিৎসকগৰাকীৰ ঠাইত এগৰাকী অস্থায়ী চিকিৎসকে এতিয়া ৰোগী সকলক সেৱা আগবঢ়াই আছে৷ ইফালে অস্থায়ী ভাৱে নিযুক্তি দিয়া চিকিৎসক গৰাকীয়ে দিনৰ ২ বজাৰ পিছত চিকিৎসালয়ৰ কামৰ পৰা দায়িত্ব সামৰে তেতিয়া ৰোগী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ফলত জৰুৰীকালিন ৰোগসকলে এতিয়া সমস্যাত ভুগিব লগা হৈছে ৷
প্ৰশ্ন হয় বিভিন্ন সময়ত ৰাজ্যৰ সফল মন্ত্ৰী বুলি দম্ভালি মাৰি ফুৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এতিয়া দৃষ্টি পৰিবনে এই সমূহ চিকিৎসালয়লৈ সেয়া সময়ে নিৰ্ধাৰন কৰিব ৷