
বিহালীঃ যোৱা ২০ জুলাইৰ পৰা আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল তেওলোকে৷ ভাত, ৰুটি আৰু কাপোৰ হ'লেই পৃথিৱীৰ সকলো পােৱা যেন অনুভৱ কৰে তেওঁলোকে৷ তেওঁলোকক দালান নালাগে আৰু তেওলোকে দালানৰ সপোনো নেদেখে৷ কিয়নো বিলাসী ঘৰ, গাড়ী তেওঁলোকৰ সপোনৰ অগোচৰ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা মানুহ তেওঁলোক৷
কিন্তু প্ৰায় ২ মাহ ধৰি তেওলোকক অন্যায় কৰি পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছিল মালিক পক্ষই৷ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাওঁ(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা দুমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিছা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি আবেদন কৰিছিল৷
এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিছাৰি আবেদন-নিবেদন কৰাৰ লগতে প্ৰতিবাদো কৰিছিল৷ এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত মালিক ৰাজীৱ প্ৰিন্সাই বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰতিবাদ কৰিব লগা হয়৷
যোৱা দুমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল বাগিচা খনৰ তলা খুলি দিয়াৰ বাবে৷ শ্ৰমিকসকল কৰ্মহীন হৈ পৰাত পৰিয়াল চলাব নোৱোৰা হৈ পৰে৷ লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকক ন্যায় দিবলৈ প্ৰশাসন তথা চৰকাৰ নিৰ্বিকাৰ হৈ পৰা দেখা গৈছিল৷ শ্ৰমিকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ, প্ৰশাসন কিম্বা বাগিচাৰ মালিকে৷ ভোকাতুৰ শ্ৰমিকসকলেও ৭১ সংখ্যক স্বাধীনতা দিবস অৰ্ধ-উলংগ হৈ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
এফালে দেশে ৰঙীন স্বাধীনতা দিৱস পালন কৰিছিল আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিছিল শ্ৰমিকসকলে৷ অৰ্ধ উলংগ হৈ শ্ৰমিকসকল ল'ৰা-ছোৱালীৰ সৈতে হাতত কাহী-বাতি লৈ পতাকা উৰুৱায়৷ ৰাষ্ট্ৰীয় সংগীত গায় চিঞঁৰি চিঞঁৰি কৈছিল "স্বাধীনতা, আমাক ভাত লাগে, আমাক ৰুটী লাগে, আমাক কাপোৰ লাগে, আমাক কাম লাগে৷" তাৰ পাছতে খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰে প্ৰশাসনে৷
মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’য়৷ শ্ৰমিকসকলে আমাক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰিছে বুলি অভিযোগ উত্থাপন কৰ৷ শ্ৰমিক সকলৰ কথা নুশুনি প্ৰশাসনে গোচৰ ৰুজু কৰি দমন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে৷ বাগিচা বন্ধ কৰাৰ পাছৰে পৰা লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকসকলৰ খবৰ লবলৈ আহৰি নাপালে স্থানীয় বিধায়কে৷
সন্তানে লঘোণত কন্দা কটা কৰিছে যদিও চাওতা কোনো নাই৷ ৰ'দ, বৰষুণ একাকাৰ কৰি শ্ৰম কৰা লোকসকলৰ ন্যায়ৰ হকে যুজ দিবলৈ ওলাই আহিছিল কেইবাটাও সংগঠনৰ লোক৷ বিশ্বনাথৰ পৰা প্ৰতিবাদ আহিছিল গুৱাহাটীলৈ৷ শ্ৰমিকসকলক ন্যায় প্ৰদানৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনে ২৩ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত নাগৰিক সভা কেইবাটাও দল-সংগঠনৰ নেতাই চৰকাৰ তথা বাগিচাৰ মালিকক সকীয়াই দি শীঘ্ৰে বাগিচা খনৰ তলা খুলি দাবী জনাইছিল৷ চিপিআই (এমৰ) ৰাজ্যিক সদস্য অনন্ত হাজৰিকাই চৰকাৰে চাহ শ্ৰমিকক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি কয়৷ যুৱ নেতা পৰিমল গৌৰে শ্ৰমিকসকলৰ আন্দোলন আগুৱাই নিয়াত সহায় কৰিছিল৷ শ্ৰমিকক আইন উলংঘা কৰাৰ লগতে প্ৰশাসনে বাগানৰ মালিকৰ পক্ষ লৈ ভোকাতুৰ শ্ৰমিকসকলক দেশদ্ৰোহী সজোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিমলে৷
মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিত ২১ খন চাহ বাগিছা আছে যদিও মন্ত্ৰীগৰাকীয়ে শ্ৰমিকৰ হকে মাত মাতিবৰ সাহস নাই বুলি অভিযোগ উত্থাপন কৰিছিল হাজৰিকাই৷ আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, অসম কৃষক মহাসভাকে ধৰি বিভিন্ন দল-সংগঠনে বাগিচা খনৰ তলা বন্ধ প্ৰত্যাহাৰৰ দাবীত পথ অৱৰোধকে ধৰি বিভিন্ন ধৰণৰ গনতান্ত্ৰিক কাৰ্যসূচীৰে ৰাজ্য চৰকাৰ প্ৰশাসনক দাবী জনাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল৷
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই ৰাজ্যৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে বৰগাওঁ চাহ বাগিছাৰ তলা বন্ধ প্ৰত্যাহাৰৰ দাবী জনায় কৰা আবেদন-নিবেদনৰ ফাইলটো জব্দ কৰি ৰাখি চাহ শ্ৰমিকৰ জীৱন বিপদাপন্ন কৰি তোলা বুলি এক অভিযোগ উত্থাপন কৰিছিল৷ সংগঠনটোয়ে মন্ত্ৰী দাসৰ ওপৰত অভিযোগ উত্থাপন কৰি তলা বন্ধ প্ৰত্যাহাৰ আৰু মন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবীত ৰাজ্য জুৰি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷
তাৰোপৰি বাগিছাখনত কৰ্মৰত চাহ শ্ৰমিকসকলে প্ৰাপ্য অধিকাৰ,তলাবন্ধ প্ৰত্যাহাৰৰ দাবীত অামৰণ অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অৱশেষত বাগিচাৰ তলা খুলিবলৈ বাধ্য হ’ল মালিক প্ৰিন্সাই৷ স্বেচ্ছাচাৰী বাগিচাৰ মালিক ৰাজীৱ প্ৰিন্সা আৰু তানমল প্ৰিন্সাই অগনতান্ত্ৰিকভাৱে লগোৱা তলা শনিবাৰে খোলাৰ সিন্ধান্ত লয়৷ বিগত ৫৮ দিন ধৰি এই বাগিচা খন উলমি আছিল মালিক পক্ষই লগোৱা তলা৷ আজি ৰাজ্য চৰকাৰ-প্ৰশাসনে মালিক পক্ষই লগোৱা তলা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰে৷ বাগিছাখনত তলা প্ৰত্যাহাৰ হোৱাৰ লগে-লগে বাগিছাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ মুখলৈ হাঁহি নামি আহে৷