খাৰুপেটীয়াঃ যোৱা ২৮ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা হানিফ আলী নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে হানিফ আলীক বহুত বিচাৰ-খোচাৰ কৰে যদিও সন্ধান উলিয়াব পৰা নাছিল।

আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ মাজতেই বুধবাৰে নিশা ১১-৩০ বজাত দৰং আৰক্ষীৰ তৎপৰতাত দলগাঁও আৰক্ষীয়ে দলগাঁও থানাৰ অন্তৰ্গত কাছোমাৰী গাঁৱৰ ধনশ্ৰী নৈৰ পাৰত হাত-ভৰি বান্ধি বস্তাত ভৰাই পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে হানিফৰ মৃতদেহ।

চাৰি দিন পূৰ্বে দলগাঁৱৰ বৰগড়া খুটি গাঁৱত এটা পুখৰীৰ পাৰত নিৰুদ্দিষ্ট যুৱক হানিফ আলীৰ বাইকখন চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছিল। উক্ত ঘটনাত জড়িত থকা সন্দেহত নুৰ মহম্মদ নামৰ লোক এজনক আটক কৰে আৰক্ষীয়ে।