
newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যত এতিয়া মৰিল পুলিচৰ আতংক৷ ৰাজ্যৰ চৈদিশে কিবা এটাই ঘটনা সংঘটিত হলেই মানুহে দৌৰ মাৰি ওলাই আহি উত্তেজিত হৈ পৰে৷ ভয়াবহ ৰূপত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ৷ যোৱা কেইবাটাও দিনত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে এইবাৰ দৰং জিলাৰ দৈপামত মানসিক বিকাৰগ্ৰস্ত যুৱকক বৰ্বৰ ভাৱে আক্ৰমণ কৰিলে ৰাইজে।
সোপাধৰাৰ আতংক অব্যাহত থকাৰ সময়তে দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত দৈপাম গাঁৱত সংঘটিত হয় এই ঘটনা৷ সোপাধৰাৰ সন্দেহত বেছিমাৰীৰ ইমৰাজুল হক নামৰ যুৱকজনক প্ৰহাৰ কৰে ৰাইজে। ঘটনাক কেন্দ্ৰ কৰি দৈপামত এতিয়াও উত্তেজনা অব্যাহত আছে।
মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱক জনক সোপাধৰা বুলি সন্দেহ কৰি আক্ৰমণ কৰি একাংশ লোকে৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী উপস্থিত হোৱাতহে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ৷
দৈপাম গাঁৱত দেওবাৰে যুৱক এজনক ঘুৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে৷ তাৰ পিছতে যুৱকজনক সোপাধৰা বুলি সন্দেহ কৰা হয়৷ লগে লগে কেইবা শতাধিক লোক আহি সমবেত হৈ যুৱক জনক আক্ৰমণ কৰে৷ এই খবৰ পোৱাৰ মাত্ৰকে আমছুৰ সহযোগত আৰক্ষীৰ দল উপস্থিত হৈ যুৱক জনক কোনো মতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
পাছত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সোপধৰা বুলি আক্ৰমণ কৰা যুৱকজন দৰঙৰ শিলবৰী আৰক্ষী চকীৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ ইমান আলীৰ পুত্ৰ ইমৰাজুল হক৷ তেওঁ মানসিক ভাৱে বিকাৰগ্ৰস্ত৷ যুৱকজন দৈপাম গাঁৱত আমিৰ আলী নামৰ লোকজনৰ ঘৰত ভাঁত খাবলৈ আহিছিল৷ তেতিয়াই একাংশ অন্ধবিশ্বাসী লোকৰ ৰোষত পৰে৷ ঘটনাটোৱে সমগ্ৰ দৈপাম অঞ্চলত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে৷ ঘটনাটোত জড়িত লোকসকলৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহিত ব্যৱস্থা লবলৈ ৰাইজে দাবী জনায়।