♦ পুনৰ ভোট গ্রহণৰ দাবী

♦ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে ৰাইজে

খাৰুপেটীয়াঃ যোৱা ৫ ডিচেম্বৰত  প্ৰথম পৰ্যয়ৰ পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ঠাইত সৰু বৰ বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজতে নিৰ্বাচন পাৰ হৈ যায় যদিও আজি আকৌ দৰঙৰ দলগাঁও  সমষ্টিত জাৱৰৰত বেলট পেপাৰ উদ্ধাৰক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দৰং জিলাৰ দলগাঁও ৰাজহ চক্রৰ অন্তৰ্গত ৬১নং গলন্দি গাঁও পঞ্চায়তৰ ৩নং গলন্দি আৰু ২নং গলন্দি গাঁৱৰ ২নং গলন্দি কাষ প্রাথমিক বিদ্যালয়ৰ ভোট গ্রহণ কেন্দ্রৰ পিছফালে জাৱৰ-জোথৰৰপৰা উঠাই লৈ কণ কণ শিশুৱে খেলি থকা অৱস্থাত ভোটাৰ ৰাইজে ভোট প্ৰদান কৰা শতাধিক বেলট পেপাৰ উদ্ধাৰ কৰে ৰাইজে।

উক্ত ভোট গ্ৰহণ কেন্দ্ৰত Presiding officer আৰু Polling officerৰ কৰ্তব্যৰ গাফিলতি কৰাৰ অভিযোগ তুলিছে ৰাইজে।

উল্লেখ্য যে, ক্রমিক নং ৪৬৭৯, ০৫০৯, ৪২৩১৭, ৫১২৯, ৪১৮৪, ৪১৮৯৯ আদি নম্বৰৰ বেলট পেপাৰ সমূহ উদ্ধাৰ কৰে ৰাইজে।  জিলাৰ প্রশাসনৰ ওপৰত সন্দেহ কৰিছে ৰাইজে। ৰাইজৰ প্ৰশ্ন বেলট পেপাৰসমূহ জাৱৰলৈ কেনেকৈ গল? এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে পুনৰ ভোট গ্রহণ অনুষ্ঠিত কৰি দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছে  ৰাইজে। বৰ্তমান ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। উল্লেখ্য যে উদ্ধাৰ হোৱা  ভোটদানৰ বেলট পেপাৰৰ অধিকাংশই এ আই ইউ ডি এফ দলৰ তলা চাবিৰ চিহ্নত ভোটদান কৰা দেখা গৈছে আৰু লগতে হাতৰ চিহ্নতো ভোটদান কৰাৰ বেলট পেপাৰ দেখা যায়। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত দলীয় সমৰ্থক সকলৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে।