খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও আৰু মংগলদৈ সমষ্টিৰ সীমাত থকা ফকিৰপাৰা আৰু যোগীপাৰাৰ মাজেৰে বৈ যোৱা এখন নৈৰ ওপৰত আজিলৈকে এখন স্থায়ী দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বহুতো সমস্যাত ভুগিছে৷

অঞ্চলটো মংগলদৈ আৰু দলগাঁও সমষ্টিৰ সীমামূৰীয়া হোৱাৰ ফলত কোনো এজন বিধায়কে উক্ত স্থানত দলং এখন নিৰ্মাণৰ ব্যৱস্থা নকৰিলে৷ যাৰ ফলত মাত্ৰ তিনিডাল জইছৰ ওপৰেদি অঞ্চলটোৰ ৰাইজে বিপদজনকভাৱে অহা-যোৱা কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীও বিপদসংকুলভাৱে পাৰ হয় ভঙা চিঙা জইছৰ ওপৰেদি।

অঞ্চলটোৰ ৰাইজে উক্ত স্থানত এখন দলং নিৰ্মাণ কৰিবলৈ দলগাঁৱৰ বিধায়কক অনুৰোধ জনাইছিল যদিও বিধায়ক ইলিয়াচ আলীয়েও সীমামূৰীয়া অঞ্চল হোৱা বাবেই অৱহেলা কৰি অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ 

আনহাতে যোগীপাৰা থেকেৰাবাৰী অঞ্চলৰ ৰাইজেও উক্ত স্থানত দলং এখন নিৰ্মাণ কৰিবলৈ মংগলদৈৰ বিধায়কক অনুৰোধ জনাইছিল যদিও কোনো কাম নহ’ল৷ উক্ত স্থানত এখন দলং নথকাৰ বাবে লটাখাট, থেকেৰাবাৰী, যোগীপাৰা, ফকিৰপাৰা আদি গাঁৱৰ ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধা হৈছে৷ সামান্য পথৰ বাবে ঘূৰি যাবলগীয়া হয় কেইবা কিলোমিটাৰ পথ৷

অঞ্চলটোৰ কৃষকসকলেও তেওঁলোকৰ উৎপাদিত পাচলি পৰিবহনৰ বাবে পথ চমুৱাবলৈ বহু কষ্টৰে জইছৰ ওপৰেৰে পাৰ কৰি বজাৰলৈ নিবলগীয়া হয়৷ বিভিন্ন সময়ত এনেদৰে চলাচল কৰোতে দলঙৰ পৰা পৰি সংঘটিত হৈছে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা৷

দুজন লোক মৃত্যুৰ মুখতো পৰিছে বুলি ৰাইজে জানিবলৈ দিছে৷ এনেদৰে বৰ্তমান যুগতো ভঙা জইছৰ ওপৰেৰে যাতায়াত কৰা দৃশ্যই উদঙাই দিছে গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত ছবি। নিৰ্বাচন আহিলেই ৰাইজৰ পদুলিলৈ ভোট বিচাৰি যোৱা বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাসকলৰ মৌ বৰষা ভাষণেৰে পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত পাহৰি যায় সৰ্বসাধাৰণক দিয়া প্ৰতিশ্ৰুতি৷ অঞ্চলটোৰ ৰাইজে উক্ত স্থানত অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি অঞ্চলবাসীৰ উপকাৰ কৰিবলৈ  চৰকাৰৰ ওচৰত দাবী জনাইছে৷