
খাৰুপেটীয়াঃ দৰং আৰু ওদালগুৰি জিলাৰ চুতীয়া জাতিৰ সন্মিলনীখন দেওবাৰে দলগাঁৱত অনুষ্ঠিত হৈ যায়৷ দলগাঁৱৰ কছাৰীপাৰা খৰিকাবৰীত আৰম্ভ হৈছে দৰং আৰু ওদালগুৰি জিলাৰ চুতীয়া জাতিৰ সন্মিলনীৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিৱেশন।
অধিৱেশনত ৭ খন পতাকা উত্তোলন কৰা হয় । বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পণৰ পাছত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷
শোভাযাত্ৰাত জিলা দুখনৰ সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত মুকলি সভা এখনত বিভিন্ন জনে চুতীয়া জাতিৰ সম্পৰ্কে ভাষণ দিয়ে৷