16
Dec
2018

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱত দেওবাৰে পুনৰ স্থানীয় ৰাইজে হৰিণা এটা উদ্ধাৰ কৰে৷ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা হৰিণাটো নিজ দলগাঁও হৰিজনবস্তি প্ৰাথমিক বিদ্যালয়ৰ কাষতে ৰাইজে দেখি খেদি খেদি হৰিণাটো ধৰে।
পাছত দলগাঁও আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰি বন বিভাগক অৰ্পণ কৰে৷
হৰিনাটোক চাবলৈ গাঁওখনত বহু ৰাইজৰ সমাগম হয়৷ উল্লেখ্য যে দুদিন পূৰ্বেও দলগাঁৱৰ শিশু উদ্যানৰ কাষত ৰাইজে হৰিণা এটা উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিছিল৷ ৰাষ্ট্ৰীয় উদ্যানখনৰপৰা মাজে সময়ে দাঁতি-কাষৰীয়া অঞ্চলত হৰিণাৰ লগতে অন্যান্য জীৱ জন্তু ওলাই আহে।
একাংশ লোকে হৰিণা ধৰি মাংস ভক্ষণ কৰিও আহিছে বুলি আভিযোগ। ৰাইজৰ দাবী যে বন বিভাগে জীৱ জন্তুসমূহক নিৰাপত্তা দি ৰাখিব লাগে যাতে ৰাষ্ট্ৰীয় উদ্যানখনৰপৰা ওলাই আহিব নোৱাৰে।