♦ মূৰে-কপালে হাত দিছে কৃষকে

খাৰুপেটীয়াঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অধিক সব্জি উৎপাদন কৰি ভাৰতৰ লগতে বহিৰাষ্ট্ৰলৈও পাচলি যোগান ধৰা দৰঙৰ খাৰুপেটীয়াত এতিয়া পানীৰ দৰত বিক্ৰী হৈছে পাচলি।

ফলত কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বিগত প্ৰায় পোন্ধৰ দিনৰপৰা খাৰুপেটীয়াত শাক-পাচলিৰ এই অৱনমিত মূল্য।

বুধবাৰেও একে অৱস্থা। আবেলিলৈকে সব্জি অতি কম দৰৰ বাবে বিক্ৰী কৰিবলৈ বজাৰতে বহি থাকিবলগীয়া হ'ল কৃষক।

একাংশ কৃষকে জানিবলৈ দিয়া মতে, বেপাৰীসকলে দাম-দৰ নকৰি দূৰে দূৰে থাকি অতি কম দামত চব্জি লোৱাৰ বাবে ৰৈ থাকে।

পৰিৱৰ্তনকামী বি জে পি চৰকাৰৰ কৃষি বিভাগে উচিত মূল্য নিৰ্ধাৰণ নকৰা আৰু মধ্যভোগীৰ দপদপনিৰ ফলত বাৰম্বাৰ সৰ্বস্বান্ত হ'বলগীয়া হৈছে দুখীয়া কৃষক ৰাইজ।

যোৱা পোন্ধৰ দিনৰপৰা খাৰুপেটীয়াত সব্জিৰ বজাৰত কৃষকৰ এই দুৰ্দশা। খাৰুপেটীয়াৰ বালুগাঁও  দৈনিক বজাৰৰ লগতে বালুগাঁও সাপ্তাহিক বজাৰতো সব্জিৰ দাম অতি নিম্মমুুখী হৈছে।

কৃষক ৰাইজে সাংবাদিকক জানিবলৈ দিয়া মতে যোৱা পোন্ধৰ দিনৰপৰা ফুলকবি ২ - ৩ টকা, বন্ধাকবি ১ - ৩ টকা, বিলাহী ৩ - ৪ টকা, বেঙেনা ৩ - ৫ টকা, জলকীয়া ১৪ - ২০ টকা, অমিতা ৩ - ৪ টকা, তিঁয়হ ৩ - ৪ টকা, আলু ১০ - ১২ টকা, বিন ৪ - ৫ টকা, গাজৰ ৬ - ৮ টকা, মূলা ২ টকা, মটৰ কালাই ১৫ - ২০ টকা, ওলকবি ৪ - ৫ টকা, উৰহি ৪ - ৫ টকাকৈ প্ৰতিকিলোত বিক্ৰী হৈছে। 

এই দামত কৃষকসকলে বিক্ৰী কৰাত তেওঁলোকৰ ৰাসায়নিক সাৰ বা গোৱৰৰ দামো নুঠে বুলি জানিবলৈ দিয়ে। এই দৰত বিক্ৰী কৰি কৃষকে লোকচানৰ সন্মুখীন হৈ বহুতেই সৰ্বস্বান্ত হৈ পৰিছে।

এইক্ষেত্ৰত অতি শীঘ্ৰেই পৰিৱৰ্তনকামী বি জে পি চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক ক্ষীপ্ৰতৰ পদক্ষেপ লৈ কৃষকৰ পাচলিৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ দাবী জনাইছে কৃষক ৰাইজে।

উল্লেখ্য যে খাৰুপেটীয়াৰ এই পাচলি গুৱাহাটী বা ৰাজ্যৰ অন্যান্য জিলাত আজিৰ দিনত অত্যাধিক দৰত মধ্যভোগী বেপাৰী বা দালালে বিক্ৰী কৰি আছে। নিয়ন্ত্ৰণহীন কৃষি বিভাগ তথা বিপণন পৰিষদে এই ক্ষেত্ৰত কি ভূমিকা লয় সেইটো হব লক্ষণীয়।