খাৰুপেটীয়াঃ দৰঙৰ ৰাজীৱ গান্ধী ওৰাংৰাষ্ট্ৰীয় উদ্যানত চাৰিজন  চোৰাং মাছমৰীয়া আটক কৰে বন সুৰক্ষা কৰ্মীয়ে।

বুধবাৰে মাছমৰীয়া চাৰিজনে গোপনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি মাছ মাৰিবলৈ যো-জা কৰি থকা সময়তে মাছ মৰা জাল, মাছ ৰখা টিনৰ পাত্ৰ, ৰছী আদি সা-সঁজুলিসহ ২ নং বছা-শিমলু গাঁৱৰ নুৰ ইছলাম, আজিবুৰ ৰহমান, আব্দুল ছিদ্দিক আৰু মহম্মদ আলী নামৰ চোৰাং মাছমৰীয়া চাৰিজনক ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয়।

একে গাঁৱৰে উক্ত ধৃত চোৰাং মাছমৰীয়া চাৰিজনক বন বিভাগে ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ পাশ্বৱৰ্তী বিল-জলাশয়সমূহত থকা মাছ একাংশ লোকে বৰশী, জালেৰে  দীৰ্ঘদিন ধৰি মাছ ধৰি চলাই আহিছে মাছৰ চোৰাং বেহা।