♦ ভ্ৰুণ হত্যা বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, যৌতুক প্ৰথা বন্ধ কৰক শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা

খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া আজমল উইমেন কলেজত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুযায়ী পুৱা ১০ বজাত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে খাৰুপেটীয়া নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়ায়।
শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰী সকলে ভ্ৰুণ হত্যা বন্ধ কৰক, ছোৱালীক পণ্য দ্ৰব্য হিচাপে ব্যৱহাৰ নকৰিব, বাল্য বিবাহ বন্ধ কৰক, যৌতুক প্ৰথা বন্ধ কৰক আদি শ্ল'গানেৰে নগৰখন পৰিভ্ৰমণ কৰে। শোভাযাত্ৰাটোৰ নেতৃত্ব দিয়ে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা জাহিদা বেগমে। পাছত দিনৰ ১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কলেজখনৰ অধ্যক্ষা ৰেচমা ইয়াছমিনে।
ইয়াৰ পাছত ছাত্ৰী সকলে বিহু নৃত্য, ঝুমুৰ নৃত্য, নেপানী নৃত্য আদি আকৰ্ষণীয়ভাৱে পৰিৱেশন কৰে। ছাত্ৰীসকলে বাল্য বিবাহৰ আধাৰত কৰুণ কাহিনীৰে প্ৰদৰ্শন কৰা নাটকে উপস্থিত সকলক আবেগিক কৰি তোলে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জাকিৰ হুছেইন আহমেদ আৰু অধ্যাপক হবিবুৰ ৰহমান, অধ্যাপিকা নুৰ নাহাৰ বেগম, ছাত্ৰ আবু ছালেহ ইমাৰণ আৰু ছাত্ৰী সূৰ্য ভানুয়ে ভাষণ দিয়ে। আনুষ্ঠানটিৰ আগ ধৰে আজমল কলেজৰ উপাধ্যক্ষ ৰবিউল ইছলামে।