
খাৰুপেটীয়াঃ অসম ৰাজ্যিক জমিয়তে উলামা হিন্দ (আৰ্ছাদ মাদাানী গোট)-ৰ দৰং জিলা সমিতিৰ সাধাৰণ সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে খাৰুপেটীয়া টাউন জামে মছজিদ প্ৰাংগনত অনুষ্ঠিত হৈ যায়|
পুৱা ১১ বজাৰপৰা সভাপতি মৌলানা আব্দুল মজিদৰ সভাপতিত্বত প্ৰতিনিধি সভা আৰম্ভ হয় | প্ৰতিনিধি সভাত ২৪ টা আঞ্চলিক সমিতিৰ শতাধিক বিষয়ববীয়া, সদস্য উপস্থিত থাকে| সভাত বিগত কাৰ্যকালৰ হিচাব-নিকাচ আদিৰ প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক মৌলানা জিয়াউল হকে|
বিগত কাৰ্যকালৰ পতিবেদন গৃহীত কৰাক লৈ বাক-বিতণ্ডা হয় যদিও পাছলৈ ইয়াক অনুমোদন জনায় প্ৰতিনিধিসকলে| পুৰণা সমিতি ভংগ কৰাত প্ৰতিনিধি সভাৰ অন্ত পৰে আৰু অসম জমিয়তে উলামা হিন্দৰ ৰাজ্যিক সম্পাদক মৌলানা গোলাম হুছেইন আৰু শোণিতপুৰ জিলাৰ সভাপতি মৌলানা হুছেইন আহমেদদ্বয়ৰ উপস্থিতিত দৰং জিলা জমিয়তে উলামা হিন্দৰ নতুন সমিতি গঠন কৰা হয়|
অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মুক্তাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মৌলানা গোলাম হুছেইন৷ নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া তথা নিয়ম-নীতিৰ ওপৰত বক্তব্য দাঙি ধৰে|
সেই মতে সভাপতি পদৰ বাবে পুৰ্বৰ সভাপতি মৌলানা আব্দুল মজিদ আৰু মৌলনা ছামচুল হকৰ নাম প্ৰস্তাৱ হয়| সভাপতি পদক লৈ সভা এঘণ্টাৰো অধিক সময় ধৰি প্ৰস্তাৱক সমৰ্থকসকলৰ লগত সভাত উপস্থিত প্ৰতিনিধি ৰাইজৰ মাজত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয় যদিও অৱশেষত মৌলানা ছামচুল হকে প্ৰস্তাৱকাৰী মৌলানা ওসমান আলী, সমৰ্থক পাৰভেজ মাহৰুফদ্বয়ক প্ৰস্তাৱ উঠাই ল’বলৈ অনুৰোধ কৰাত তেওঁলোক দুয়োজনে প্ৰস্তাৱ উঠাই লোৱাত পুনৰ মৌলানা আব্দুল মজিদ নতুন সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে সভাপতিয়ে|
পাছত জমিয়তৰ সাংবিধানিক নিয়ম নীতিৰ মাজেৰে মৌলানা জছিমুদ্দিন আহমেদ, মৌলানা ছামচুল হক, মৌলনা আবুল বাতেনক উপ-সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মুক্তাৰুল ইছলামক সাধাৰণ সম্পাদক, মৌলনা নুৰল আমিন আৰু মৌলনা আবু বক্কৰ ছিদ্দিকদ্বয়ক সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া এটি দৰং জিলা জমিয়তে উলামা হিন্দৰ নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়|
উল্লেখ্য যে সভাত উপস্থিত ৰাইজে নৱ-নিৰ্বাচিত সমিতিৰপৰা জনসেৱামূলক আৰু সৰ্বাংগীন উন্নয়নৰ লগতে সাংগঠিনক স্থিতি মজবুত হোৱাৰ আশা প্ৰকাশ কৰে৷