খাৰুপেটীয়াঃ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰপৰা পৰ্যটকৰ বাবে মুকলি কৰা হয়। বিশিষ্ট প্ৰকৃতিবিদ তথা খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন চন্দ্ৰ হাজৰিকাই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰে৷

প্ৰায় ৭৮ বৰ্গ কিল’মিটাৰ এলেকাৰ উদ্যানখন মুকলিৰ লগে লগে দেশী-বিদেশী পৰ্যটকসকলক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষ৷ উদ্যানখন বাঘ, গঁড়, হৰিণা, নল গাহৰি, নানা প্ৰজাতিৰ চৰাইৰ বাসভূমি।

অনুষ্ঠানত দৰং জিলা বন বিষয়া ৰমেশ চন্দ্ৰ গগৈয়ে জনোৱা মতে, পৰ্যটকসকলৰ থকা-মেলাৰ বাবেও ইতিমধ্যে নতুনকৈ নিৰ্মাণ কৰা হৈছে আৱাসগৃহ৷ উদ্যান মুকলি উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।