♦ জৈৱিক পাচলি উৎপানেৰে স্বাৱলম্বী হৈ আদৰ্শ হৈছে পৰিছে হবিবুৰ ৰহমান

খাৰুপেটীয়াৰপৰা ফখৰুল ইছলামঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী এখন কৃষিপ্ৰধান গাঁও বিহুদিয়া। গাঁওখনৰ উদীয়মান যুৱক হবিবুৰ ৰহমানে চৰকাৰী চাকৰিৰ আশা বাদ দি চাৰি বছৰ পূৰ্বে নিজকে আত্মনিয়োগ কৰে কৃষি কৰ্মত।
প্ৰথম অৱস্থাত ৰাসায়নিক পদ্ধতিৰে পাচলিৰ খেতি কৰি প্ৰচুৰ লাভ হয় যদিও পাছলৈ ৰাসায়নিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলিৰ মূল্য আৰু চাহিদা কমি অহাত তেওঁ নিজকে আত্মনিয়োগ কৰিছে জৈৱিক পদ্ধতিত কৃষিত।
নিজৰ সীমিত জ্ঞানেৰে ঘৰতে পেলনীয়া জাবৰ-জোঁথৰ আদিৰে তৈয়াৰ কৰি কেঁচুসাৰ আৰু নিমপাত, নহৰু, আদা, ধুতুৰা পাত, গো-মূত্ৰ আদিৰে কীটনাশক তৈয়াৰ কৰি আৰম্ভ কৰিছে জৈৱিক কৃষি।
হবিবুৰ ৰহমানে প্ৰথম অৱস্থাত আপেল বগৰী, অমিতা, আনাৰস, নেমুটেঙা, ক’লা ধান আদিৰ বিধে বিধে খেতি কৰি প্ৰচুৰ লাভৱান হোৱাত পৰৱৰ্তী সময়ত পৰীক্ষামূলকভাৱে আৰম্ভ কৰে ব্ৰকলি আৰু কেপছিকামৰ খেতি।
ৰাজ্যৰ বিভিন্ন বজাৰত জৈৱিক পদ্ধতিৰে কৰা পাচলি চাহিদা দিনক দিনে বৃদ্ধি পোৱাত দুগুণ উৎসাহেৰে এইবাৰ আৰম্ভ কৰে বেঙেনা, কেপছিকামৰ খেতি।
উদীয়মান যুৱ কৃষক হবিবুৰ ৰহমানে বিহুদিয়া গাঁৱত উৎপাদন কৰা বেঙেনাই ইতিমধ্যে ৰাজ্যৰ চহৰ নগৰ বা বহিঃৰাজ্যতেই নহয় সাত সাগৰ তেৰ নদীৰ সিপাৰে ডুবাই, লণ্ডনলৈকে গৈছে।
এই সম্পৰ্কে উদীয়মান কৃষক হবিবুৰে কয় যে মাত্ৰ বেঙেনাই নহয় এইবাৰ উৰহী, বিন, কেপছিকাম, অমিতা আদিৰ খেতিও সাজু কৰি তোলা হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে।
খাৰুপেটীয়াত উৎপাদিত এই জৈৱিক পাচলিসমূহ বালুগাঁও পাচলি বজাৰৰপৰা পোনে পোনে গুৱাহাটী বিমান বন্দৰলৈ নিয়া হয় আৰু তাৰ পৰা বিমানযোগে ডুবাই লণ্ডন আদিলৈ পঠোৱা হয় যদিও পাচলিসমূহ পোনপটীয়াকৈ কৃষকৰপৰা সংগ্ৰহ কৰা নহয়।
পাচলিসমূহ মধ্যভোগী অবিহনে পোনপটীয়াকৈ কৃষকৰপৰা সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত যোগান ধৰিলে কৃষকসকল অধিক লাভৱান হোৱাৰ লগতে কৃষকৰ মাজত অধিক উৎসাহ বৃদ্ধি পাব বুলি কয় হবিবুৰ ৰহমানে।
অসম চৰকাৰৰ এনে পদক্ষেপক হবিবুৰ ৰহমানৰ লগতে অঞ্চলটোৰ বহু কৃষকক উৎসাহিত কৰি তুলিছে।