♦ প্ৰসাশনৰ হস্তক্ষেপ দাবী

খাৰুপেটয়াঃ দৰঙৰ বাগিচাকাষ গাঁৱত ধনশিৰি দলঙৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি দলংখনৰ সমীপতে এখন বৃহদাকাৰৰ পুখুৰী খন্দাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে যোৱা কিছুদিনৰপৰা নাম ফলক বিহীনভাৱে ধনশিৰি নৈৰ সুতিত পুখুৰী খন্দা কাম কৰি আছে ,গৌৰাংগ কৃষি পাম সমবায় সমিতিৰ সদস্যসকলে।
১৯৬৬-৬৭ চনত গঠন হোৱা সমবায় সমিতিখনত প্ৰায় ৫২টা ভূমিহীন পৰিয়ালৰ লোকে প্ৰায় দুই শ বিঘা মাটিত ঘৰ-দুৱাৰ সাজি খেতি-বাতি কৰি খাই আছে যদিও চৰকাৰী কোনো আঁচনি সমবায়খনৰ সদস্যসকলে পোৱা নাছিল।
এইবাৰ বি জে পি চৰকাৰে সমবায়খনৰ কেইজন সদস্যক মীন বিভাগৰদ্বাৰা প্ৰশিক্ষন দি এই ৫২ টা পৰিয়ালৰ সদস্যক সকাহ দিয়াৰ উদ্দেশ্যৰে ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ RIDF আঁচনিৰ অৰ্ন্তগত চৰকাৰে দিয়া ৮০ শতাংশ টকা আৰু সমবায় সমিতিৰ সদস্যসকলে জমা কৰা ২০ শতাংশৰে প্ৰায় ৪৪ লাখ টকাৰে ধনশিৰি নৈৰ সুতিত আৰম্ভ কৰা হৈছে ৫২ বিঘা মাটিত পুখুৰীৰ খনন কাৰ্য।
স্থানীয় ৰাইজে আঁচনিৰ নাম-ফলক নোহোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাত পুখুৰী খনন কাৰ্য বন্ধ কৰি দিয়ে আৰু উক্ত স্থানত পুখুৰী খান্দিলে পুনৰাই নৈ খনে পুখুৰীৰ পিনে গতি সলাই তিনিখন গাঁও পকী দলংখনৰ পশ্চিম অংশ খহাই নিব বুলি শংকা প্ৰকাশ কৰে স্থানীয় ৰাইজে।
এই লৈ আৰম্ভ হয় দুই ফৈদৰ মাজত সংঘাত৷ আনহাতে উক্ত ঘটনাটোক এচাম দুষ্ট চক্ৰই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাইছে। প্ৰসাশনে ব্যাৱস্থা গ্ৰহণ নকৰিলে তাত দুটা ফৈদৰ মাজত কজিয়া হোৱাৰ সম্ভাৱনা আছে।
আনহাতে চৰকাৰী আঁচনি ৰূপায়ন কৰিবলৈ গৈ একাংশ দুষ্ট চক্ৰ লোকৰ বাধাৰ সন্মুখীন হৈ গৌৰাংগ কৃষি পামৰ সদস্যসকলে দলগাঁও আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰিছে।
আৰক্ষী উপস্থিত হোৱাৰ পাছত পুনৰ খনন কাৰ্য আৰম্ভ হৈছে পুখুৰীটোত৷ আনহাতে পুখুৰী খন্দা আৰম্ভ কৰাৰ সময়ত সেই খিনি ঠাইত কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ বাসগৃহও ভাঙি দিয়া হৈছে বুলি ৰাইজে অভিযোগ তুলিছে।