newsnextone.com | খাৰুপেটীয়াঃ ‘অসমত অসমীয়া ভাষা কলা কৃষ্টিৰ ক্ষেত্ৰত ভাৰত স্বাধীনৰ আগতেই অসমলৈ অহা মিঞা মুছলমানৰ অৱদান অতুলনীয়া, অসম আৰু মিঞা মিলি হৈছে অসমীয়া৷ কিন্তু ৰাজনৈতিকভাৱে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি অসমখন থান বান কৰি পেলাইছে৷’ -দৰঙৰ খাৰুপেটীয়া মিলনজ্যোতি সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ কালি অনুষ্ঠিত মুকলি সভাত এইদৰে ক্ষোভ প্ৰকাশ কৰি ভাষণ ৰাখে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লেখক সাংবাদিক দ্বীপেন্দ্ৰ নাৰায়ণ কোৱৰে৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮ আৰু ৯ ছেপ্টেম্বৰ তাৰিখে ৰ’য়েল একাডেমী প্রাঙ্গনত অনুষ্ঠিত হয়  অধিবেশনখন। 

খাৰুপেটীয়া ৰ’য়েল একাডেমীৰ উদ্যোগত অনুষ্ঠিত অধিৱেশখনৰ কাৰ্যসূচীৰ প্ৰথম দিনা ৮ ছেপ্টেম্বৰ তাৰিখে দিনৰ তিনি বজাত অনুষ্ঠিত প্ৰতিনিধিমূলক সভাত পুৰণি সমিতি ভংগ কৰি খন্দকাৰ দেলোৱাৰ হুছেইনক সভাপতি আৰু আবু জাফৰ দেৱানক সম্পাদক, লেখক শিক্ষয়িত্ৰী কুলসুম আহমেদক উপ-সভানেত্ৰী হিচাপে লৈ ১৯ জনীয়া সদস্যৰে মিলনজ্যোতি সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়। 

কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ ৯ ছেপ্টেম্বৰ তাৰিখে পুৱা ৮.৩০ বজাত প্ৰাক্তন সভাপতি মেছেৰ আলীয়ে পতাকা উত্তোলন কৰাৰ পিছত ৯ বজাৰ পৰা ছাত্র-ছাত্ৰী সকলৰ মাজত বিচাৰকমণ্ডলী যুগল কিশোৰ মহন্ত, কুলসুম আহমেদ ,খন্দকাৰ ৰাহিমা মুৰ্শেদী, আলমগীৰ গুলসন মাহমুদ, সাংবাদিক ইমদাদুল ইছলাম, জাহাংগীৰ ৰৌশান মাহমুদ, শিক্ষক ইমদাদুল হকৰ উপস্থিতিত কুঁহি, ৰামধেনু, আকাশ অনুষ্ঠান আদি অনুষ্ঠিত হয়।

আবেলি ৩ বজাত প্ৰাক্তন সভাপতি মেচেৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে চুৰীয়া বেগম আৰু তেওঁৰ সংগীবৃন্দই "চিৰ চেনেহী মোৰ ভাষা জননী" গীত পৰিৱেশন কৰাৰ পিছত উদ্বোধনী ভাষণ দিয়ে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মুক্তৰুল ইছলামে। সভাত মুখ্য অতিথি হিচাপে দৰং জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰামচন্দ্ৰ ডেকাই ভাষণ প্ৰসংগত মিলনজ্যোতি সাহিত্য সভাৰ কাৰ্যৱলীৰ প্ৰশংসা কৰে আৰু সমিতিখনক অধিক শক্তিশালী কৰিবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। 

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দ্বীপেনদ্ৰ নাৰায়ণ কোঁৱৰে মিঞা আৰু অসমীয়া মিলি বৃহত্তৰ অসমীয়া জাতি গঠনৰ পোষকতা কৰি তেওঁ কয় অসমীয়া আৰু মিঞাক ৰাজনৈতিক ব্যক্তি সকলে নিজ স্বাৰ্থ পূৰণাৰ্থে ভাগ ভাগ কৰি ৰাখিছে লগতে আৰু কয় যে, অসমৰ বিপদসংকুল সময়ত মিঞা সকলক অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যি ভৃমিকা  লৈ আহিছে ই সচাকৈ প্ৰশংসনীয়। 

লগতে এনআৰচিক লৈ চলি থকা ষড়যন্ত্ৰক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কোঁৱৰে৷ উক্ত সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক ৰাণা আলম, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ আচমান আৰা বেগম, বিশিষ্ট কবি সাহিত্যিক প্ৰমোদ ৰঞ্জন সাহা, ৰামধেনু অনুষ্ঠানৰ উপদেষ্টা কৰুণা কান্ত শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলেও বক্তব্য আগবঢ়ায়। 

শেহত কুঁহি, ৰামধেনু আৰু আকাশ আদি অনুষ্ঠানত অংশগ্ৰহণকৰী সকলৰ মাজত বঁটা বিতৰণ কৰা হয়। উল্লেখ্য যে, সাহিত্য সভাৰ অধিবেশনখনৰ মুকলি সভাৰ পুৰ্বে আয়োজিত গীত, বিহু নৃত্য, কবিতা আবৃতি, একক অভিনয় আদি প্ৰতিযোগিতাত অংশ লোৱা কণমানি তথা শিশু প্ৰতিযোগীয়ে উপস্থিত সকলোকে আপ্লুত কৰে৷