
খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ' বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত সোমবাৰে দুটাকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
গৰকাপ্টানী বিভাগৰ তদাৰকতাত আয়োজন কৰা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদীয় সদস্য ক্ৰমে মংগলছিং তিমুং, প্ৰভাত টাৰ’, দৰছিং ৰংহাং, হৰেনছিং বে’, বিভাগীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত টেলেহৰ-ৰংমাণ্ডো সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পাছতে আৰচঙ-ডেৰাজুৰি-কিলিং পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰংহাঙে।
ইয়াৰ পাছতে পুনৰ ডেৰাৰ-লকত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া খেলপথাৰ আৰু মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। এইদৰে আধাৰশিলা স্থাপন কাৰ্যসূচীৰ অন্তত ডেৰাৰ-লকত অনুষ্ঠিত কৰা এখন বি জে পিৰ যোগদান সভাত অংশ লয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে। অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ-মহিলা উপস্থিত থকা যোগদান সভাত বি জে পিৰ তিনিখনকৈ স্থানীয় সমিতিৰ অধীনত এ এছ ডি চি, কংগ্ৰেছ আৰু নিৰ্দলীয় দলৰ মুঠ ১০৮ টা পৰিয়ালে ৰংহাঙৰ উপস্থিতিত নিজৰ নিজৰ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে।
উল্লিখিত সভাত স্থানীয় জনপ্ৰতিনিধি মংগলছিং তিমুঙে তেওঁৰ সমষ্টিটোত হোৱা উন্নয়নৰ ছবি দাঙি ধৰে আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি কয় যে ‘একতাৰে কাৰ্বি পাহাৰৰ উন্নয়নৰ সমান্তৰালকৈ স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ লক্ষ্য পূৰণ কৰিব লাগিব’। লগতে তেওঁ কয় যে ষড়যন্ত্ৰমূলক আৰু সমালোচনামূলক ৰাজনীতি আমি নকৰোঁ, আমি ৰাজনীতি কৰিছোঁ কেৱল পাহাৰীয়া জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ লক্ষ্য পূৰণৰ বাবেহে। গতিকে কাৰ্বি আংলঙত আমি বিৰোধীমুক্ত কৰি বিজেপি দলক শক্তিশালী কৰি চৰকাৰক সহযোগিতা আগবঢ়াই আমি উন্নয়ন আৰু বিকাশৰ স্বাৰ্থ পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে।