
খেৰণিঃ 20 নং B N, CRPFৰ আহ্বানত পশ্চিম কাৰ্বি আংলঙৰ জিৰীকিন্দেঙ থানা অন্তৰ্গত আমৰেঙ গাঁৱত নাগৰিকত্ব আচৰণ কাৰ্যসূচী তথা (Civic action Programme) অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীৰে সংগতি ৰাখি কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যেৰে শিক্ষাৰ সামগ্ৰী বিতৰণ কৰা হয়। লগতে 20 নং বি এন চি আৰ পি এফ য়ে (ডিফু) ৰাজহুৱা স্বাৰ্থ জড়িত আমৰেঙত নিৰ্মান কৰা জিৰণি চৰা মুকলি কৰা হয়।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 20 নং বি এন চি আৰ পি অফ ডিফু শিবিৰৰ কমাণ্ডেণ্ট আৰ দি জেনী অনাল লগতে বিশিষ্ট অতিথি হিচাপে 20নং চি আৰ পি এফ(ডিফুৰ) নিতেশ কুমাৰ সিং, প্ৰমুখ্যে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চন্দ্ৰ তিচ্ছ, জিৰিকিন্দেঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নকুল ফুকন উপস্থিত থাকে।
কমাণ্ডেণ্ট আৰ দি জেনী অনালে ৰাইজক উদ্দেশ্যি কয় যে চি আৰ পি এফ জোৱানে সদায় ৰাইজৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছে আৰু কৰি যাব। দেশৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়তো প্ৰথমে চি আৰ পি এফ জোৱানে ৰাইজক সহায় কৰিবলৈ গৈ পাই। আমৰেঙত চি আৰ পি এফ কেম্প ৰখাৰ উদ্দেশ্যও ৰাইজক নিৰাপত্তা প্ৰদান কৰা লগতে ভাতৃত্ববোধ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগ ভাগ লোৱা।
সেই উদ্দেশ্যেৰে সকলো ৰাইজৰ স্বাৰ্থজড়িত আঁচনি গ্ৰহণ কৰি আমৰেঙত এই জিৰণি চৰা নিৰ্মান কৰা হৈছে। এই জিৰণি চ'ৰাত প্ৰখৰ ৰদৰ বতৰত বা বৰষুণৰ বতৰত আশ্ৰয় লবলৈ নিৰ্মাণ কৰা হৈছে। গতিকে ইয়াৰ সৎ ব্যৱহাৰ কৰাৰ লগতে চোৱা-চিতা তথা পৰিষ্কাৰ পৰিচন্নতা কৰাৰ দায়িত্ব ৰাইজৰ। তেওঁ আৰু কয় যে অহা বছৰৰ ভিতৰত পুনৰ আমৰেঙত কমিউনিটি হল আৰু বিশুদ্ধ পানী সংগ্ৰহৰ বাবেও আঁচনি গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।