খেৰণিঃ বৈঠালাংছ' বিধানসভা সমষ্টিৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় দুৱাৰ-আমলা সমষ্টিৰ অন্তৰ্গত অতি দুৰ্গম অঞ্চলত অৱস্থিত চুপি-কেলক গাঁওত বৃহস্পতিবাৰে সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুস্থিত হয় বিজেপিৰ এখন উন্নয়ন সভা। 

পৰিষদীয় দুৱাৰ-আমলা সমষ্টিৰ জনপ্ৰতিনিধি প্রভাত টাৰ'ৰ তদাৰকতাত আয়োজন কৰা সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হোৱাৰ বিপৰীতে বৈঠালাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মান ছিং ৰংপি, কাৰ্যবাহী সদস্য ক্ৰমে মঙ্গলছিং তিমুং, প্ৰদীপ ৰংপি, খনছিং ৰংপি, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙকে ধৰি পৰিষদীয় সদস্যসকলৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত, হামৰেন আৰক্ষী অধীক্ষক আৰু অন্যান্য বিজেপি নেতাবৰ্গ উপস্থিত থাকে। 

সভাত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে যে পাহাৰীয়া জিলাখনত সৰ্বাংগীন উন্নয়ন সাধন কৰাই মোৰ ৰাজনৈতিক জীৱনৰ অন্যতম লক্ষ্য বুলি। 

আনহাতে, দীৰ্ঘদিনীয়া কাৰ্বি আংলং স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী লাভ নকৰা পৰ্য্যন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ শিক্ষা সমস্যা, স্বাস্থ্য ক্ষেত্ৰত হৈ থকা সমস্যা সমাধান, বাটপথৰ উন্নয়ন, বিশুদ্ধ খোৱাপানী ব্যৱস্থা, বিদ্যুৎ যোগানৰ ব্যৱস্থা, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন, কৃষক ৰাইজক প্ৰয়োজনীয় কৃষি সামগ্ৰী প্ৰদান আদিৰ কাম এক মননশীল চিন্তাৰে কৰি যাব বুলি ৰাইজৰ সন্মুখত উল্লেখ কৰে ৰংহাঙে। 

ইয়াৰ পিছতেই উল্লেখিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত চৰকাৰী আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ কৰে ৰংহাং আৰু সভাৰ মঞ্চত উপস্থিত থকা কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে। 

উল্লেখযোগ্য যে, কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলসহ উপস্থিত হোৱা তুলিৰাম ৰংহাঙে ২০১৮-১৯ বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত ক্ৰমে আমচৈ বৈঠালাংছ গৰকাপ্তানী পথ-হাৰলক জাচেৰা সংযোগী পথ নিৰ্মাণ, ৭ কিলোমিটাৰ দৈৰ্ঘৰ বৈঠালাংছ উমপানাই গৰকাপ্তানী পথ-লাংবেক সংযোগী পথ নিৰ্মাণৰ বিপৰীতে ৮ কিলোমিটাৰ দৈৰ্ঘৰ বৈঠালাংছ উমপানাই গৰকাপ্তানী পথ-ক্ৰকেডাঙ সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।