খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ কাবুঙত যোৱা ২৩ নৱেম্বৰত সংঘটিত হৈ যোৱা ডাইনী কাণ্ডক কেন্দ্ৰ কৰি আৰক্ষী প্ৰশাসনৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে, যোৱা কিছুদিন পূৰ্বে পূব কাৰ্বি আংলঙৰ বকলিয়াঘটত এগৰাকী নিৰ্দোষী ব্যক্তিক ডাইনী সজাই শেৱালি জালেৰে মেৰিয়াই অতি নিৰ্মম ভাৱে হত্যা কৰা ঘটনা মাৰ নাযাওঁতে আকৌ পুনৰ পশ্চিম কাৰ্বি আংলঙৰ কাবুঙত যোৱা শুক্ৰবাৰে সংঘটিত হয় একেদৰে ডাইনী সন্দেহৰ ঘটনা। 

বিগত কিছুদিন ধৰি গাঁৱবাসী ৰাইজে একেখন গাঁৱৰে ছাৰ্থে ইংহি(৬৫) নামৰ লোকজনৰ শৰীৰত ডাইনী লম্ভা বুলি সন্দেহ কৰিছিল। ফলত লোকজনৰ কাৰণে অথবা লোকজনৰ কুমন্ত্ৰণাত গাঁৱখনত অপায় অমংগল ঘটি থকা বুলি সন্দেহ কৰি কৰিছিল উল্লেখিত গাঁওবাসীয়ে। শেহতীয়াকৈ যোৱা শুকুৰবাৰে নিশা গাঁওখনৰ গোটেই ৰাইজে ছাৰ্থে ইংহিৰ ঘৰত ভয়ানক ৰূপত আক্ৰমণ কৰি ডাইনী সন্দেহত সাৰ্থে ইংহিসহ পৰিয়ালক মাৰপিট কৰাৰ বিপৰীতে ঘৰ ভাঙি সম্প্ৰতি লণ্ডভণ্ড কৰে গাওঁবাসীয়ে।

কিন্তু ঘটনাৰ সময়ত বীৰেন ৰংহাং নামৰ লোক এজনে পৰিয়ালটোক আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে যৎপনাস্তি চেষ্টা কৰে। ইফালে, ঘটনা সন্দৰ্ভত কোনো অজ্ঞাতলোকে আৰক্ষীক ফোনযোগে খবৰ দিয়াত আৰক্ষীয়ে সময় মতে ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীৰ উপস্থিতিত পৰিয়ালটোৰ সদস্যসকলৰ প্ৰাণ ৰখা পৰে। এনেদৰেই এক ভয়ানক ঘটনাৰ দিশে আগবাঢ়িছিল কাবুঙবাসীয়ে। যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসন আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি মঙ্গলছিং তিমুঙে বিশেষ তৎপতাৰে এখন সজাগতা সভাৰ আয়োজনেৰে অঞ্চলটোৰ ৰাইজক কুসংস্কাৰ-অন্ধবিশ্বাস আদি বিষয়ক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায়। 

লগতে আধুনিকতাৰ দিনত এনেবোৰ বিষয়ৰ বলি হৈ অপৰাধ কৰাটো অাইনগতভাৱে দণ্ডনীয় বুলি উল্লেখ কৰে। গতিকে এনেবোৰ অপৰাধমূলক কাৰ্যকলাপক পৰিহাৰ কৰি এক গঠনমূলক আৰু মননশীল চিন্তাৰে সমাজ ব্যৱস্থাখনক আগুৱাই নিবলৈ আহ্বান জনায় জনপ্ৰতিনিধি মঙ্গলছিং তিমুং আৰু আৰক্ষী বিষয়া পূৰ্ণানন্দ গগৈয়ে। গাঁওবাসীৰ মাজত কোনো বিভাজনৰ সৃষ্টি নকৰাকৈ ঐক্যতাৰে আৰু ভাতৃত্ববোধেৰে সমিলমিলেৰে থাকিবলৈ অনুৰোধ জনায়।