খেৰণিঃ হাতী মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাট, ফেলাংপি, প্ৰিলো আদি গাঁৱবোৰত কিছুদিন পূৰ্বে ধাৰাবাহিকভাৱে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলোৱা, পশুধন নিহত হোৱা আৰু হাতী আক্ৰমণত কিশোৰসহ চাৰি জনকৈ লোকে প্ৰাণ হেৰুৱাৰ পিছত এইবাৰ পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ চলিছে প্ৰিলুৰ ৰংহাং গাওঁত।
মঙলবাৰে নিশা খেৰণিৰ প্ৰিলুৰ ৰংহাং গাওঁত পোৱালিসহ ৬০-৬৫ জনীয়া এটা বৃহৎ বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে লংছিং ৰংহাং আৰু মতিয়াৰ হাঞ্চেৰ বাসগৃহ।
তাণ্ডৱত বাসগৃহৰ সামগ্ৰী বিনষ্ট কৰাৰ লগতে পৰিয়ালদ্বয়ৰ ঘৰত থকা চাউল-ধান আদি খায় তহিলং কৰে বনৰীয়া হাতীৰ জাকটোয়ে। অৱশ্যে গঞা ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালদ্বয়ৰ সদস্যৰ।