♦ কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিছে হাতীয়ে

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত এতিয়া বন্য হস্তীৰ বিচৰণস্থলীত পৰিণত হৈছে। ৭০-৮০টা বনৰীয়া হাতী জাকে এতিয়া বনাঞ্চলত থকাৰ বিপৰীতে জনাঞ্চলতহে অৱস্থান গ্ৰহণ কৰিছে। দিনৰ ভাগত কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ বেলি মাৰ যোৱা লগে লগেই গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বৃহস্পতিবাৰৰ সন্ধিয়াৰ ৪ বজাৰপৰা গোটেই নিশা খেৰণিৰ হাজাগাফেৰ গাঁও, বাক্ৰিফাংহাজা, মচকা, মাইজিয়া-হাদি গাঁৱত উপদ্ৰৱ কৰিছে।

কালি আবেলি ৪ বজাত হাজাগাফেৰ গাঁৱৰ ভিস্ম দাউদোং লাংথাইৰ খেতি পথাৰত ধান মৰণা দি ঘৰলৈ আনিবলৈ বস্তাত ধান ভৰাই থকা অৱস্থাতে হাতীৰ জাকে গৈ প্ৰায় ৬০ মোন ধান খায় তহিলং কৰে। ইয়াৰ পাছতে উক্ত স্থান ত্যাগ কৰি ৩ নং বাক্ৰি ফাংহাজা গাঁৱত প্ৰৱেশ কৰি ক্ৰমে শান্তিৰাম ডাউলাগাপু, চৈত্য পতি হাষ্ণু, মটিশ্বৰ হাষ্ণুৰ ঘৰত আক্ৰমণ কৰি ঘৰ ভাঙি সম্প্ৰতি লণ্ড-ভণ্ড কৰে।

তাৎপৰ্যপূৰ্ণভাৱে এই হাতী জাকটোৱে বনাঞ্চলত আশ্ৰয় লোৱাৰ বিপৰীতে জনবসতিপূৰ্ণ অঞ্চলতহে আশ্ৰয় লৈছে। খেৰণি জেংক্ৰ গাঁৱৰ কুঁহিয়াৰ খেতিত কেইবাদিন ধৰি অৱস্থান লোৱাৰ পাছত খেৰণি টিলহা বস্তি নামৰ গাঁৱত অৱস্থান গ্ৰহণ কৰে। তাৰ পাছত খেৰণি কৃষি পামৰ কুঁহিয়াৰ খেতিত আশ্ৰয় গ্ৰহণ কৰে কিন্তু সেই ঠাইৰপৰা ট্ৰেক্টৰ, জে চি বি আদি ব্যৱহাৰ কৰি খেদি পঠোৱাৰ পাছত টখাদী গাঁৱত আৰু মচকা গাঁৱত অৱস্থান গ্ৰহণ কৰে।

উল্লেখ্য যে এই হাতীৰ জাকটোৰপৰাই এটা হাতী ওলাই আহি একে দিনাই চাৰিজন লোকক আতৰ্কিতে আক্ৰমণ কৰি হত্যা কৰিছিল কিছুদিন পূৰ্বে।