
খেৰণিঃ ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰপ। কেতিয়া যদি হাতী-মানুহৰ সংঘাতত কাৰোবাৰ প্ৰাণ গৈছে, আন কেতিয়া আকৌ বনৰীয়া হাতীৰ উপদ্ৰপত কৃষকৰ শ শ ভূমিৰ শস্য বিনষ্ট হৈছে।
এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণিৰ বগৰীঘাটৰ ধাননি পথাৰ আৰু কুঁহিয়াৰ খেতিত চলিছে বৃহৎ বনৰীয়া হাতী জাকৰ উপদ্ৰপ। উল্লেখযোগ্য যে বিগত দুটা নিশা ধৰি প্ৰায় ৬০-৭০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে খেৰণি কৃষি বিভাগৰ অধীনত বিভাগটোয়ে ধান খেতি সম্পাদন কৰা প্ৰায় ৬২ বিঘা ভূমিৰ ভিতৰত প্ৰায় ১৮ বিঘা ভূমিৰ ধান খেতি গচকি নষ্ট কৰাৰ লগতে খায় তহিলং কৰিছে।
এইদৰে নিশা বনৰীয়া হাতীৰ জাকটোয়ে ধাননি পথাৰত উপদ্ৰপ চলোৱাৰ পাছতে পুৱা হোৱাৰ লগে লগে ১-২ কিল'মিটাৰ নিলগত থকা কুঁহিয়াৰ খেতিত প্ৰৱেশ কৰি কুঁহিয়াৰৰ মাজত আশ্ৰয় লৈছেগৈ হাতীৰ জাকটোৱে। ফলত হাতীৰ জাকটোয়ে প্ৰায় ১৫ বিঘা ভূমিৰ কুঁহিয়াৰ খেতিও বিনষ্ট কৰিছে বুলি উল্লেখ কৰিছে কৃষি বিভাগৰ কৰ্মচাৰীয়ে।
ইপিনে হাতীৰ জাকটোৰ সন্দৰ্ভত কৃষি বিভাগৰ কৰ্মচাৰীয়ে অৱগত কৰে যদিও জাকটোয়ে আশ্ৰয় লৈ থকা স্থানৰ কাষত বা ওচৰে পাজৰে কোনো বনাঞ্চল নথকাত দিনৰ ভাগত হাতীৰ জাকটোক খেদি পঠিওৱাতো সম্ভৱ নহ'ব বুলি উত্তৰ দিয়ে বন কৰ্মীয়ে। নিশাহে জাকটোক খেদি পঠিওৱা বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে খেৰণি বন বিভাগে।