খেৰণিঃ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ উদ্যোগত হাৰলংচৰাত এ এন এন এ আঁচনিৰ শুভ উদ্বোধন কৰে শনিবাৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে।

ইয়াৰ পাছতেই সমিতিখনৰ উদ্যোগত আয়োজন কৰা বিতৰণি সভাৰ যোগেদি উল্লেখিত তথা অন্যতম অভিলাষী আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ মাজত সুলভ মূল্যৰ এক টকীয়া চাউল বিতৰণ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে।

আয়োজিত সভাত মুখ্য অতিথিৰূপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, সম্পাদক চেচং ইংতি, হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’, বি জে পি নেতা লংছিং ৰংফাৰ, জুৱেল টকবি, বি জে পি মহিলা নেতৃবৃন্দৰ লগতে কেইবা শতাধিক হিতাধিকাৰী উপস্থিত থাকে এই সভাত।

সভাত উপস্থিত হিতাধিকাৰীক উদ্দেশ্যি তিমুঙে উল্লেখ কৰে যে ‘আমাৰ চৰকাৰৰ আঁচনিয়ে যোগাত্মক প্ৰভাৱ পেলাই গৈছে দুখীয়া ৰাইজৰ দৈনিক জীৱনত’৷ বি জে পি চৰকাৰে দুখীয়া ৰাইজক প্ৰাধান্য দি এখনৰ পাছত আনখনকৈ গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ন কৰি দুখীয়া ৰাইজৰ সমস্যা দূৰ কৰি গৈছে। আঁঠুৱা-কম্বল বিতৰণৰ উপৰিও অনাময় আঁচনিৰ জৰিয়তে শৌচালয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীনৰ যোগেদি বাসগৃহ আদি আৰু বৰ্তমান প্ৰতি কেজি এটকা দামত চাউল প্ৰদান কৰি ৰাইজৰ ব্যক্তিগত সমস্যা দূৰ কৰি গৈছে বুলি উল্লেখ কৰে তিমুঙে। 

উল্লেখযোগ্য, আজিৰ এই দিনটোতে বি জে পিৰ উচ্চ মহলৰ নিৰ্দেশমৰ্মে ৫ শতাধিক বি জে পি কৰ্মকৰ্তাৰ জৰিয়তে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ জেংখাৰপৰা ডংকামোকাম লৈ বুলি বি জে পিৰ বিজয় সংকল্প বাইক ৰেলী বাহিৰ কৰে। 

মন কৰিবলগীয়া যে জেংখাত সৰ্বপ্ৰথমে এই ৰেলীৰ শুভাৰম্ভণি কৰে স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে।