03
Jan
2018

নগাঁওঃ কামৰূপ জিলাৰ ক্ষেত্ৰীৰ তেতেলীয়াত নৈশ বাছৰ খুন্দাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
নৈশ বাছৰ দৌৰাত্ম্যই ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাব লগা হয় যুৱকজনে৷
ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব ধৰোতেই দ্ৰুতবেগী নৈশ বাছে খুন্দিয়াই যুৱকজনক৷ যার ফলত নগাঁও চহৰৰ হয়বৰগাঁৱৰ ২১ বছৰীয়া গুলজাৰ হুছেইন থিতাতে নিহত হয়৷ দুৰ্ঘটনাটো সংঘটিত কৰি বাছখনে পলায়ণ কৰে৷