
খেৰণিঃ বিশিষ্ট নেপালী সাহিত্যিক খৰ্কা বাহাদুৰ ছেত্ৰী আৰু নাই। নেপালী সাহিত্যৰ হোতা, অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খৰ্কা বাহাদুৰ ছেত্ৰীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ যকৃৎ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী এপল’ হস্পিতালত চিকিৎসাধীন অৱস্থাত ৭৮ বছৰ বয়সত ছেত্ৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ পাহাৰীয়ে জিলা পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ বাসিন্দা আছিল খৰ্কা বাহাদুৰ ছেত্ৰী৷ তেওঁ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে৷
সহিত্যিকগৰাকীয়ে শিক্ষকতা কৰাৰ লগতে, সমাজসেৱা কৰি গৈছিল কাৰ্বি পাহাৰত৷ তেওঁৰ মৃত্যুত বৃহত্তৰ হাৱাইপুৰৰ লগতে সমগ্ৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত শোকৰ ছাঁ পৰে৷ অসম নেপালী সাহিত্য সভাৰ বিষয়-ববীয়া, পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰবাসী, নেপালী সমাজ, বিভিন্ন দল-সংগঠন, বৃহত্তৰ অঞ্চলটোৰ ছাত্র-ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।
খৰ্কা বাহাদুৰ ছেত্ৰীয়ে ১৯৬৭-২০০০ চনলৈকে হাৱাইপুৰ হাই স্কুলৰ প্ৰধান শিক্ষক, ১৯৮২-১৯৯৭ চনলৈকে হাৱাইপুৰ নেপালী সাহিত্য সন্মিলনৰ সভাপতি, ২০০৭-১১ চনলৈ অসম নেপালী সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰে৷ তেওঁ কেইবাখনো নেপালী পাঠ্যপুথি, নেপালী ব্যাকৰণ, কবিতা, গল্প, উপন্যাস আদি ৰচনা কৰি নেপালী সাহিত্যৰ ভঁড়াল চহকী কৰে৷ কবিতা, গল্প, উপন্যাসে নেপালী সমাজত সমাদৰ লাভ কৰাৰ লগতে নেপালী সাহিত্যৰ হোতা বুলি কয়৷ এটা সময়ত নেপালী সাহিত্যৰ বিপ্লৱ গঢ়াৰ বাবে নেপালী যুৱ প্ৰজন্মক আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল৷
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ গৃহলৈ তেওঁৰ মৃতদেহ আহি পোৱাৰ পিছতে স্থানীয়ে ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ বিভিন্ন দল-সংগঠন আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বৃহত্তৰ হাৱাইপুৰ অঞ্চল আৰু পাহাৰীয়া জিলাৰ লোকে তেওঁৰ স্মৃতিক সুঁৱৰা পৰিলক্ষিত হয়৷ মৃত্যুৰ আগমুহূৰ্তলৈ হাৱাইপুৰ অঞ্চলত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ জৰিত হৈ আছিল৷ শিক্ষাৰ ক্ষেত্ৰখনতো খৰ্কা বাহাদুৰ ছেত্ৰীৰ ভূমিকা উল্লেখনীয় আছিল৷ হাৱাইপুৰ বাসীৰবাবে ধ্ৰুৱতৰাস্বৰূপ আছিল আৰু সমাজৰ বাটকটীয়া হৈ ৰব বুলি কয় ৰাইজে।