খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াৰপৰা এজন দশম শ্ৰেণীৰ ছাত্ৰ নিজ গৃহৰপৰা খাৰুপেটীয়া বজাৰলৈ আহি আৰু ঘৰলৈ উভতি নগ’ল। ঘটনা সংক্ৰান্তত পিতৃ আৰ্শাদ আলীয়ে খাৰুপেটীয়া আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে।

এজাহাৰত উল্লেখ কৰা মতে আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা ১৬ জানুৱাৰী তাৰিখে খাৰুপেটীয়া থানাৰ অন্তৰ্গত ১ নং আৰিমাৰী গাঁৱৰ আৰ্শাদ আলীৰ পুত্ৰ তথা গল্ড ষ্টাৰ মডাৰ্ণ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰ আব্বাছ আলী সিদিনা দিনৰ ১২ বজাত খাৰুপেটীয়াৰ বালুগাঁও বজাৰলৈ ওলাই যোৱাৰ পাছৰেপৰা আজিলৈ কোনো শুংসুত্ৰ নাই। 

ছাত্ৰজন ঘৰৰপৰা ওলাই যোৱাৰ সময়ত শৰীৰত ৰঙা ৰঙৰ জিনছ পেন্ট আৰু হালধীয়া ৰঙৰ চোলা আছিল। গাৰ ৰং বগা মুখমণ্ডল গোলাকাৰ পোন্ধৰ বছৰ বয়সৰ এই ছাত্ৰ জনৰ কোনোবাই সন্ধান পালে ৯৮৫৪১ ৬০৪৪৮ নম্বৰত ফোন কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। উল্লেখ্য যে নিজৰ সন্তানৰ সন্ধান নাপাই শোক স্তব্ধ হৈ পৰিছে পিতৃ-মাতৃ আৰু আত্মীয় সকল।