newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ আশংকাত দিন পাৰ কৰাৰ লগতে সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে অসমীয়াক সুৰক্ষা দিব পাৰিছেনে ইয়াকে লৈ শংকাত দিন পাৰ কৰিছে ৰাইজে। সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে লক্ষ্য কৰি লৈছে সাধাৰণ জনগণক৷ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিভিন্ন উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক কাৰ্যই সংঘটিত কৰি অহাত জনসাধৰণক শংকিত হৈ পৰিছে।

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত দুখন চৰকাৰ চলি আহিছে৷ দুয়ো খন ৰাজ্যত একোখন নিৰ্বাচিত চৰকাৰৰ লগতে আলফা স্বাধীন আৰু এন এচ চি এন সমান্তৰাল শাসন চলে৷ শেহতীয়া বহুকেইটা ঘটনাই ইয়াকে প্ৰমাণ কৰে বুলি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে একমূখে স্বীকাৰ কৰে৷ উজনি অসমত বিশেষভাৱে প্ৰভাৱিত আলফাৰ ২৮নং বেটেলিয়ানৰ সদস্যই ২০০৮ চনৰ ২৪ জুনত শান্তি আলোচনালৈ ওলাই অহাত জনসাধাৰণে অন্ততঃ আশা কৰিছিল যে অঞ্চলটোৰ স্থানীয় যুৱকসকলে প্ৰাণৰ মমতাত হয়তো আৰু বহিঃৰাজ্যলৈ ঢাপলি মেলিব নালাগিব৷

কিন্তু দিন বছৰ বাগৰি যোৱাৰ পাছতো আলফাৰ বিভাজন হোৱাত স্থানীয় বাসিন্দাৰ মনত হতাশাৰ কলীয়া ডাৱৰে পুনৰ জুমুৰি ধৰে৷ বিভিন্ন সময়ত সংঘটিত কৰি গৈছে এটাৰ পিছত এটা ঘটনা। 

ইয়াৰ মাজতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ জাগুন ফানেং গাঁৱৰ পৰা এগৰাকী চাহ বাগিচাৰ কৰ্মচাৰী অপহৰণ কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম-অৰুণাচল সীমান্তৰ জাগুন ফানেং গাঁৱৰ ব্যক্তিগত খণ্ডৰ এখন চাহ বাগিচা পৰা অপহৰণ কৰে শ্ৰমিকক৷ জাগুন আৰক্ষী থানাৰ অন্তৰ্গত ফানেংৰ গোপাল উপাধ্যায় নামৰ চাহ বাগিচাৰ কৰ্মচাৰীক দিনৰ প্ৰায় ২ বজাত বাগিচাৰ খনৰ পৰা অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই অপহৰণ কৰি নিয়ে৷ 

জানিব পৰা মতে, বাগিচাৰ গৰাকীৰী ৰাধা চেতিয়া নথকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থীৰ ৬ জনীয়া দলে বাগিচা খনত প্ৰৱেশ কৰে আৰু  বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক উঠাই লৈ যায়৷ স্থানীয় লোকে এই অপহৰণ কাণ্ডৰ সৈতে আলফা স্বাঃ নতুবা এনএচচিএন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ 

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ লগতে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰে৷ বৰ্তমানৰ লৈকে কোনো সংগঠনেই অপহৰণৰ দায়িত্ব স্বিকাৰ কৰা নাই যদিওঁ আলফাৰ স্বাঃ জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ কিয়নো অসম-অৰুণাচল সীমান্তত ইয়াৰ পূৰ্বে বহু কেইটা অপহৰণ কাণ্ড আলফাই (স্বাঃ) সংঘটিত কৰিছে৷