12
Sep
2017

লামডিংঃ মঙ্গলবাৰে পুৱা লামডিং ৰেল ষ্টেচনত লামডিং ৰেল আৰক্ষী উদ্ধাৰ কৰে কৰিমগঞ্জৰ পৰা অপহৃত নৱম শ্ৰেণীৰ ছাত্ৰী জুৱেদ বেগমক। যোৱা দেওবাৰে কৰিমগঞ্জত টিউচন কৰিবলৈ যোৱাৰ সময়ত চাৰিজন দুৰ্বৃত্তই অপহৰণ কৰিছিল ছাত্ৰী গৰাকীক।
অৱশেষত আজি লামডিং ৰেল আৰক্ষীয়ে লামডিং ৰেল ষ্টেচনৰ পৰা কিশেৰীগৰাকীৰ উদ্ধাৰকৰিব্লৈ সক্ষম হয়৷ আনহাতে আজি লামডিং আৰক্ষীয়ে কিশোৰীগৰাকীৰ অপহৰণৰ লগত জড়িত মজিবুৰ ৰহমান নামৰ যুৱক এজনকো আটক কৰিবলৈ সক্ষম হয়৷
আটকাধীন ধৃত যুৱকজন হোজাইৰ বুলি জানিব পৰা গৈছে৷