
খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ অন্তর্গত লালপুলৰ অলিছিঙা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এজনী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ অপহৰণ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ যোৱা ৯ জুলাইত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ অপহৰণ কাণ্ড সংঘটিত হয়।
ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, যোৱা ৯ জুলাইত আবেলি তিনি মান বজাত দলগাঁও থানাৰ অন্তর্গত ১-২নং বৰুৱাঝাৰ গাঁৱৰ অফিচ বজাৰত আসাদ মামুদৰ দহ বছৰীয়া কন্যা ইয়াছমিনা খাতুনক একে গাঁৱৰে ৰফিকুল ইছলাম, চিৰাজুল হক, মাকু আলী আৰু জেচমিনা খাতুনে কাপোৰৰ দোকানলৈ যাম বুলি লৈ যায়৷
কাপোৰৰ দোকানত যাম বুলি বান্ধবীৰ সৈতে ওলাই যোৱাৰ পাছৰে পৰা আজিলৈ ইয়াছমিনাৰ কোনো সন্ধান নাই। ইফালে আৰক্ষীয়ে অভিযুক্ত চিৰাজুলৰ পত্নী জেচমিনাক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে চিৰাজুল হক ইয়াৰ পূৰ্বেও নাৰী ব্যৱসায়ী কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷