
দেৰগাঁওঃ একাংশ মানুহে মানৱতা সচাকৈ হেৰাই পেলাইছে নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কেনেকৈ দলিয়াব পাৰে মানুহে৷ সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷ তাৰ মাজতে একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ কৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিয়ায় থৈ যায় পানী কেচুৱা৷
তেনে দেৱশিশু এটিৰ মৃতদেহ নিঠৰ হৈ পৰি ৰয় সামন্য জংঘলত৷ উৎসুক জনতাই জুমি জুমি চাইছে ৷ সভ্য সমাজৰ হৃদয় বিদাৰক দৃশ্য এয়া৷ সভ্য মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ উপকন্ঠ অঞ্চল মিছামৰা বাগানত। মিছামৰা বাগানৰ কালিমন্দিৰৰ সমীপত অলপতে উদ্ধাৰ হ'ল এটি নৱজাতকৰ মৃতদেহ।
তাৰ পাছতেই অঞ্চলটোত সৃষ্টি হ'ল চাঞ্চল্যকৰ পৰিৱেশৰ। কোনো বিকৃত মানসিকতাৰ লোকে নিজৰ মুখলজ্জা ঢাকিবৰ বাবেই আপোন হাতেৰেই মৃত্যুমুখলৈ ঠেলি দিলে নিজৰেই নৱজাতক এটি পানী কেচুৱা। যি সময়ত সন্তানহীন কোনো দম্পত্তীয়ে এটি সন্তানৰ বাবে হাঁহাকাৰ কৰি মন্দিৰ মছজিদ নাইবা চিকিৎসকৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে তেনে সময়তে একাংশ বিকৃত মানসিকতাৰ লোকে এনেদৰে নিজৰেই সন্তানক নিশ্চিত মৃত্যুৰ বাবে এৰি গৈছে নিৰ্জন হাবিৰ মাজত।
মাখিয়ে মৃতদেহটো আগুৰি থকা লগতে এখন হাত ইতিমধ্যে শিয়াল-কুকুৰে ভক্ষণ কৰে। সভ্য মানৱ সমাজক লজ্জানত কৰা ঘটনাটো পুৱাই অঞ্চলটোত একাংশ ৰাইজে প্ৰত্যক্ষ কৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়া ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।